জনীয়া: বৰপেটা জিলাৰ জনীয়া সমষ্ঠিৰ মহম্মদপুৰস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান জয়নাল আবেদিন জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক দেওবাৰে বিদ্যালয় এলেকাধীন শিক্ষাপ্ৰেমী ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে। তদুপলক্ষে মতিয়াৰ ৰহমানক সভাপতি, জয়নাল আবেদিনক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হয়। উদযাপন সমিতিৰ আহ্বানত অনুষ্ঠিত হোৱা সম্বৰ্ধনা জ্ঞাপন সভাৰ সভাপতিত্ব কৰে জয়নাল আবেদিন জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি উহাবুৰ ৰহমানে।
সভাত নিৰ্দিষ্ট বক্তা হিচাপে জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিকে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি শিক্ষামূলক ভাষণ আগবঢ়ায়। সভাত বিদ্যালয়খনৰ অধ্যক্ষকে ধৰি কেইবাগৰাকী অভিভাৱকেও বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে বিগত বছৰবোৰৰ দৰে এইবেলিও জয়নাল আবেদিন জাতীয় বিদ্যালয়ে মেট্ৰিক পৰীক্ষাত সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে।
এই সুখ্যাতি যাতে অব্যাহত থাকে তাৰবাবে প্ৰেৰণা যোগোৱা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কঠোৰ শ্ৰমক স্বীকৃতি দিয়াৰ মানসিকতাৰে এই কাৰ্যক্ৰম লোৱা হৈছিল বুলি উদযাপন সমিতিয়ে জনাইছে। অনুষ্ঠানত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী কলম আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।