মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী লক্ষীকান্ত মহন্ত দেৱলৈ 'সমাজ প্রভাকৰ’ বঁটা

 05/27/2019 - 14:26

ডিজিটেল ডেস্কঃ "উত্তৰ পুৰুষৰ মঞ্চ"ৰ প্রায় বিশজনীয়া দল এটি পশ্চিমবংগত থকা মধুপুৰ সত্ৰলৈ গৈ সত্ৰাধিকাৰ শ্ৰী লক্ষীকান্ত মহন্ত দেৱক "সমাজ প্রভাকৰ" বঁটাৰে সন্মানিত কৰে। প্রয়াত অনিল শৰ্মা বৰঠাকুৰৰ পত্নীয়ে, স্বামীৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ এই বঁটা প্ৰদান কৰে।

এই মঞ্চৰ দ্বাৰা প্রতিবছৰে একোজন সমাজ হিতৈষী ব্যক্তিক এনেদৰে এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত, আছে নগদ ১০,০০০ টকা, ফুলাম গামোচা, মানপত্ৰ,শৰাই,চেলেংচাদৰ,জাপি,স্মাৰক,কিতাপৰ টোপোলা আৰু গছ পুলি।

মধুপুৰ সত্ৰত মঞ্চৰ প্ৰতিজন সদস্যই একোটাকৈ গছপুলি ৰোপন কৰে। ইয়াৰ পিচত বিশজনীয়া দলটিয়ে কোচবিহাৰৰ ৰাজবাৰী, ভাৰত-বাংলাদেশ দেশৰ সীমান্ত, আৰু তাত থকা সত্রশাল সত্র দর্শন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।