কপিলী নদীৰ পাৰে পাৰে বিধায়ক শশী কান্তু দাস

 06/24/2021 - 16:40

 

কামপুৰঃ নিৰ্বাচনত জয়ী হৈ পোন প্ৰথমবাৰৰ বাবে আজি গৰুবাট মৌজাত উপস্থিত হয় ৰহা সমষ্টিৰ নৱনিৰ্বাচিত কংগ্ৰেছী বিধায়ক শশী কান্তু দাস। বিধায়ক গৰাকীয়ে প্ৰথমে কামপুৰৰ চাংচকী পঞ্চায়তৰ উত্তৰ চাংচকীত নিৰ্মাণ কৰি থকা কপিলী গৰাখহনীয়া এলেকা পৰিদৰ্শন কৰে।

ইয়াৰ পিছতে বিধায়ক গৰাকীয়ে ৩৪ বছৰে মুকলি নোহোৱা জৰাজীৰ্ণ চাংঢকী স্বাস্থ্যকেন্দ্ৰ পৰিদৰ্শন কৰি এলেকাটোত এটা স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পিছতে বিধায়ক গৰাকীয়ে গআৰুখুন্দা আৰু বকুলগুৰী পঞ্চায়তৰ কেইবাটাও কপিলীৰ খহনীয়া এলেকা পৰিদৰ্শন কৰে। ইফালে তিনিওখন পঞ্চায়তৰ উন্নয়ন সম্পৰ্কত দলীয় কৰ্মীৰ লগত কভিড বিধি মানি আলোচনাত মিলিত হয়।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।