বিধ্বস্ত পথ: হাতত শৰাই লৈ চৰকাৰৰ সুমতিৰ প্ৰাৰ্থনা স্থানীয় মহিলাৰ

 05/27/2019 - 14:27

আমগুৰি: আমগুৰিৰ নামতিত বিধ্বস্ত হৈ পৰিছে ধোদৰ আলিৰপৰা নাহৰ আলি সংযোগী জামুগুৰি পথ। গৌৰীসাগৰ উন্নয়ণ খণ্ডৰ অন্তৰ্গত পথটো বোকাময় হৈ স্থানীয় লোকসকল আহুকালৰ সন্মুখীন হৈ আহিছে। খনিকৰ, পৰ্বতীয়া গাঁও সংযোগী পাঁচ শতাধিক পৰিয়ালৰ তিনি কি:মি: দৈৰ্ঘৰ পথটো একাঠু বোকা আৰু পিছল হৈ পৰাত ক্ষোভিত হৈ উঠিছে স্থানীয় লোকসকল।

ক্ষোভিত লোকসকলে হাতত শৰাই, তামোল-পাণ, ধূপ লৈ শাসনাধিষ্ঠিত চৰকাৰৰ সুমতিৰ বাবে প্ৰাৰ্থনা জনায়। স্থানীয় মহিলাসকলে বৰুৱাপুখুৰী পঞ্চায়তৰ জনপ্ৰতিনিধি আৰু সমষ্টিৰ বিধায়কক অনুৰোধ জনাইছে শীঘ্ৰে গ্ৰাম্যপথটো মেৰামতি কৰিবলৈ।

উল্লেখ্য যে পথটো বোকাময় হৈ উঠাত স্থানীয় লোকৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ উঠাৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলো স্কুললৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈ উঠিছে। স্থানীয় মহিলাসকলে জনপ্ৰতিনিধিক শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।