মৃত কন্যাৰ স্মৃতি বুকুত বান্ধি বিশ্বকাপৰ বাবে ইংলেণ্ডত উপস্থিত পাকিস্তানী ক্ৰিকেটাৰ

 05/27/2019 - 14:42

ডিজিটেল ডেস্ক: মৃত কন্যাৰ স্মৃতি বুকুত বান্ধি বিশ্বকাপৰ বাবে ইংলেণ্ড পালেগৈ পাকিস্তানৰ ক্ৰিকেটাৰ আছিফ আলী। ক্ৰিকেটাৰগৰাকীৰ কন্যা দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল। আমেৰিকাৰ এখন উন্নত চিকিৎসালয়ত চলি আছিল আছিফ আলীৰ কন্যাৰ চিকিত্‍সা। কিন্তু অৱশেষত নিয়তিৰ নিষ্ঠুৰ সিদ্ধান্তত হাৰ মানিবলৈ বাধ্য হ'ল কণমানিজনীয়ে। পাকিস্তানৰ বেটচমেন আছিফ আলী বিগত ১৯ মাহ ধৰি নিজৰ কন্যাৰ চিকিৎসাৰ বাবে আমেৰিকাত আছিল।

কিন্তু যিদিনা বিশ্বকাপৰ বাবে পাকিস্তানৰ দল ঘোষণা কৰা হ’ল সেইদিনাই আছিফৰ কন্যা ফাতিমাৰ মৃত্যু হয়। বৃহস্পতিবাৰে নিজ কন্যাক কবৰ দি, ইংলেণ্ডত উপস্থিত হৈ দলত যোগ দিয়ে ক্ৰিকেটাৰজনে। কন্যাৰ মৃত্যুৰ পিছত আছিফ আলীয়ে নিজৰ টুইটাৰ একাউণ্টত কয় যে-" মই ফাতেমাক এগৰাকী যুদ্ধাৰ ৰূপত দেখো। ইমান কম বয়সতে কেঞ্চাৰৰ সৈতে যুঁজি তাই বহুত কষ্ট ভোগ কৰিব লগা হ’ল।

যদিও তাই এতিয়া নাই, তথাপিও তাই এগৰাকী যুদ্ধাৰ ৰূপত সদায় মোৰ হৃদয়ত থাকিব। তাই মোৰ সাহস আৰু প্ৰেৰণা আছিল। মই সকলোকে অনুৰোধ জনাও যে সকলোৱে মোৰ মৃত সন্তানৰ আত্মাৰ সদগতিৰ কামনাৰে প্ৰাৰ্থনা কৰক"।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।