কাকপথাৰৰ ন-দিহিং নদীক সন্তুষ্ট কৰিবলৈ নাম প্ৰসঙ্গ মহিলাৰ

 05/27/2019 - 14:55

কাকপথাৰ: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ গাতে লাগি থকা অসম অৰুণাচল সীমান্তৱৰ্তী ন-দিহিং নদীৰ পানী বাঢ়ি অহাৰ ফলত শংকাত ভুগিবলগীয়া হৈছে অঞ্চলবাসী৷ চৰকাৰে নদীখনৰ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত ইমান বছৰে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা হাতত নোলোৱাত অতিষ্ট হৈ ডিৰাক অঞ্চলৰ সাতখন গাঁৱৰ মহিলাই দিহিং নদীৰ পাৰত নাম প্ৰসঙ্গ কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়৷

সম্পূৰ্ণ মৰাণ সমাজৰ ৰীতি-নীতিয়ে দিনৰ ভাগত কৰা নাম প্ৰসংগৰ যোগেদি জলদেৱতাক চাকি জ্বলাই নদীত উতোৱাই দি নদীখন নিদিষ্ট ৰেখাত আগুৱাই যাবলৈ মিনতি কৰে৷ চৰকাৰৰ ওপৰতো অগ্নিশৰ্মা হৈ পৰে মহিলাসকল৷ মন্ত্ৰী তথা বিভাগে প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈও দাবী জনায় ৰাইজে৷ লগতে ১৯৯২ চনত উক্ত মথাউৰিটো ভগাৰ ফলত হোৱা ক্ষয় ক্ষতি এতিয়াও মাৰ যোৱা নাই বুলি উল্লেখ কৰে ক্ষোভিত ৰাইজে৷

উল্লেখ্য যে বিগত বিশ দিনৰ আগতে ৰাজ্যৰ জলসম্পদ মন্ত্ৰীয়ে নদীখনৰ মথাউৰিটো পৰিভ্ৰমণ কৰি গৰাখহনীয়া ৰোধৰ বাবে অতিশীঘ্ৰে ব্যৱস্থা ল'বলৈ বিভাগীয় বিষয়া কৰ্মচাৰীক নিৰ্দেশ দিছিল যদিও কাৰ্যক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল৷ আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিনত প্ৰকৃতিৰ ওপৰত ৰাইজৰ এনেধৰণৰ নাম প্ৰসঙ্গই কিমান প্ৰভাৱ পেলাই সেইয়া হ'ব লক্ষ্যণীয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।