দৰঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা: থিতাতে নিহত ১

 05/27/2019 - 15:29

দলগাঁও: দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী বুঢ়ীগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ানক পথ দুৰ্ঘটনা। দেওবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী তীব্ৰবেগী আলট্ৰা বাছ আৰু স্কুটীৰ মাজত মুখামুখী সংঘৰ্ষ হোৱাত বিজয় সাহা নামৰ এজন স্কুটী আৰোহী থিতাতে নিহত হোৱাৰ লগতে উত্তন সাহা নামৰ আন এজন গুৰুতৰভাৱে আহত হয়।

নিহত লোকজনৰ ঘৰ খাৰুপেটীয়া টাউনৰ টিলাপট্টীত আৰু আহত লোকজনৰ ঘৰ খাৰুপেটীয়া টাউনৰ গোপাল নগৰত বুলি জানিব পৰা গৈছে৷ আহত লোকজনক সংকটজনক অৱস্থাত মংগলদৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ গুৱাহটী অভিমুখী As -13 C-5795 আলট্ৰা বাছ আৰু AS-13-F-6212 স্কুটীৰ মুখামুখী সংঘৰ্ষত এই পথ দুৰ্ঘটনাতো সংঘটিত হয়।

উল্লেখ্য যে স্কুটিখনৰ চালক আৰু আৰোহীজন ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন তেল ডিপোৰ পৰা তেল ভৰাই লৈ ৰাষ্ট্ৰীয় ঘাইপথত উঠোতেই গুৱাহাটীমুখী তীব্ৰবেগী আল্ট্ৰা গাড়ীয়ে স্কুটিখনক মহটিয়াই এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।