হাউলীত উদ্ধাৰ কুৰি লক্ষাধিক টকাৰ টাৱাৰৰ চোৰাং সামগ্ৰীঃ এজনক কৰায়ত্ত

 05/27/2019 - 16:39

হাউলীঃ হাউলী আৰক্ষীয়ে দেওবাৰে সন্ধিয়া হাউলীস্থ মানসকন্যা ধাবাৰ ওচৰত অভিযান চলাই কেইবালাখ টকাৰ টাৱাৰৰ সামগ্ৰী জদ্ধ কৰিবলৈ সক্ষম হৈছে।

 জানিব পৰা মতে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰৰ নিৰ্দেশ মৰ্মে হাউলী থানাৰ আৰক্ষীয়ে দেওবাৰে সন্ধিয়া হাউলীৰ মানসকন্যা ধাবাৰ ওচৰত চোৰাং ভাবে মজুত কৰি ৰখা টাৱাৰৰ ২৬টা বেটাৰী, কেব’ল তাঁৰ আৰু বিদ্যুৎ বিভাগৰ এলুমিনিয়ামৰ তাঁৰ আদিকে ধৰি প্ৰায় ২০ লাখ টকাৰ সামগ্ৰী জদ্ধ কৰি হাউলী থানালৈ আনে।

এই চোৰাং ব্যৱসায়ৰ লগত জড়িত আহমদুল্ল (পশ্চিম বংগৰ মালদহ) নামৰ এজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে বুলি হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গোস্বামীয়ে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।