ৰূদ্ৰেশ্বৰৰ পুখুৰীত গা ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

 05/27/2019 - 16:54

গুৱাহাটী: উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰৰ পুখুৰীত গা ধুবলৈ গৈ এজন স্কুলীয়া ছাত্ৰৰ সলিল সমাধি ঘটে। সপ্তম শ্ৰেণীৰ ছাত্ৰ মিন্টু চমুৱাই সহপাঠীৰ সৈতে এটি গভীৰ পুখুৰীত গা ধুবলৈ গৈছিল। কিন্তু গা ধুই থাকোঁতে হঠাৎ নোহোৱা হয় মিন্টু। দেওবাৰে পুৱা ১০ বজাতে ঘটনাটো সংঘটিত হৈছিল। কিন্তু সহপাঠীসকলে গোপন কৰি ৰাখিছিল সমগ্ৰ ঘটনা। আবেলি ঘৰলৈ মিন্টু ঘৰলৈ ঘূৰি নহাত প্ৰকৃত ঘটনা পোহৰলৈ আহে।

তাৰ পিচত অঞ্চলটোত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। সকলোৱে জাল মাৰি মিন্টুৰ সন্ধান অব্যাহত ৰাখে। পলমকৈ হলেও দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোক উপস্থিত হৈ শেষত মিন্টুৰ মৃত শৰীৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখনীয় যে মিন্টু চমুৱাই প্ৰায়েই বিদ্যালয়ৰ পৰা বাহিৰে বাহিৰে সাতুৰিবলৈ গৈছিল। কিন্তু সাতোঁৰ জনাৰ পাছতো কিদৰে মৃত্যু হ'ল মিন্টুৰ এই লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে।

মৃতদেহটি উদ্ধাৰ হোৱা পাছত মুখেৰে ৰক্তপাত হৈছিল মিন্টুৰ। সহপাঠী ছাত্ৰকেইজনে মিন্টু নিখোজ হোৱা খবৰটো কিয় লুকুৱাই ৰাখিছিল এইয়া এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। ছাত্ৰগৰাকী উত্তৰ গুৱাহাটীৰ বিহলঙনী গাৱঁৰ বাসিন্দা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.