জুৰীয়া: শনিবাৰে ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সকলোতে আনন্দ-উল্লাস। কিন্তু সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এগৰাকী মেধাৱী দুৰ্ভগীয়া ছাত্ৰীয়ে নিজৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল লাভ কৰিলে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত। এইগৰাকী জুৰিয়া জুনিয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰী। বিগত ছয়মাহ মানৰ পূৰ্বে ছাত্ৰীগৰাকীক জুৰিয়াৰ দীঘলীয়াটি গাঁওৰ নিবাসী আনচাৰুল ইচলামে পলুৱাই নি বিয়া কৰাইছিল।
জানিব পৰা মতে বিয়াৰ কেইমাহমানৰ পাছৰে পৰা তেওঁৰ স্বামী আৰু স্বামীৰ পৰিয়ালৰ লোকে যৌতুকৰ বাবে বোৱাৰীগৰাকীক মানসিক, শাৰিৰীক অত্যাচাৰ চলাই আহিছিল। পত্নীয়ে ঘৰৰ পৰা যৌতুক আনি নিদিয়াৰ বাবেই বিগত বৰ্ষৰ এপ্ৰিল মাহত স্বামী ইচলামে নিজ পত্নীক মাৰপিত কৰি শৰীৰৰ বিভিন্ন ঠাইত গুৰুতৰ আঘাত কৰাৰ উপৰি স্বামী আৰু পৰিয়ালৰ লোকে বোৱাৰীগৰাকীক বিহ খুৱাই মাৰিবলৈ চেষ্টা কৰিছিল বুলি এক অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীয়ে।
বৰ্তমানে বোৱাৰীগৰাকীয়ে সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজিছে জিএমচি এইটচত। আনহাতে স্বামী আৰু স্বামীৰ পৰিয়ালে বোৱাৰীগৰাকীয়ে কৰা অভিযোগ নাকচ কৰি কয় যে সমস্ত ঘটনা বোৱাৰীগৰাকীৰ নিজ বাসগৃহত সংঘটিত হৈছে। নিজ ঘৰত যাওঁতে ইছলামৰ পত্নীক শহুৰেকে মাৰধৰ কৰাৰ বাবে পত্নীয়ে নিজে বিহ খাইছিল আৰু বৰ্তমানে স্বামী আনচাৰুল ইচলামে পত্নীক জিএমচিএইটচত চিকিৎসা কৰাই আছে।
ইছলামৰ শহুৰৰ পৰিয়ালে ইছলামৰ পৰিয়ালৰ ওপৰত এক মিছা অভিযোগ দি ষড়যন্ত্ৰ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য।