গেলেকি তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তিৰ

 05/27/2019 - 17:40

আমগুৰি: অএনজিচিয়ে বহুজাতিক মাৰ্কিন কোম্পানীক তৈলক্ষেত্ৰ গটোৱাৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰতিবাদকাৰী সকলে পেট্ৰলিয়াম মন্ত্ৰী হায় হায়, শ্লামবাজাৰ গ' বেক, অসমৰ তৈল সম্পদ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰিবলৈ দিয়া নহ'ব, অসমৰ সম্পদক লৈ হেতালি খেলিবলৈ দিয়া নহ'ব, অসমৰ সম্পদৰ অধিকাৰ অসমত থাকিব লাগিব আদি শ্ল'গানেৰে আকাশ বতাহ কঁপাই তোলে। প্ৰতিবাদকাৰীসকলে তীব্ৰ বৰষুণকো নেওচি প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ ভূ-গৰ্ভৰ খাৰুৱা তেলক লৈ বিজেপি চৰকাৰ আৰু দিল্লীকেন্দ্ৰিক বিৰোধী চক্ৰই গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তক তীব্ৰ ধিক্কাৰ জনোৱাৰ লগতে অএনজিচিৰ এই ষড়যন্ত্ৰ সফল হ'বলৈ নিদিয়ে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে একমাত্ৰ খাৰুৱা তেলৰ উৎপাদন বৃদ্ধিৰ অচিলাৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰালয়ে অএনজিচিৰ অধীনৰ গেলেকি তৈলক্ষেত্ৰক কোম্পানীক হস্তান্তকৰণৰ সিদ্ধান্তক লৈ সংগঠনটো সৰব হৈ উঠিছে। গেলেকি তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰিলে অসমত অএনজিচিৰ কাম-কাজ সংকুচিত হৈ পৰাৰ লগতে নিগমৰ অসম সম্পদৰ অস্তিত্ব সংকটাপূৰ্ণ হৈ পৰাটো নিশ্চিত। ইয়াৰ সমান্তৰালকৈ প্ৰতিষ্ঠানটোত নতুন নিযুক্তিকে ধৰি শিৱসাগৰ জিলা তথা ৰাজ্যখনৰ আর্থ-সামাজিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিব। বিজেপি চৰকাৰৰ নব্য উদাৰিকৰন নীতিৰ অধীনত অন্যান্য খণ্ডৰ লগতে দেশৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ খনন উৎপাদন দেশী বিদেশী তৈল কোম্পানীয়ে বিনিয়োগ মুকলি কৰি দিছে কেন্দ্ৰীয় চৰকাৰে।

২০২২ চনৰ ভিতৰত দেশৰ খাৰুৱা তেলৰ আমদানি ১০ শতাংশ হ্ৰাসৰ লক্ষ্যৰে অধিক খাৰুৱা তেল উৎপাদনৰ নামত দেশৰ তৈলক্ষেত্ৰসমূহ হস্তান্তৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এইক্ষেত্ৰত দিল্লীকেন্দ্ৰিক অসম বিৰোধী চক্ৰটোৱে অসমৰ তৈলক্ষেত্ৰসমূহ লক্ষ্যৰূপে বাছি লৈছে। প্ৰডাকচন এণ্ড হেনছমেন (hensmen) কনট্ৰেক্টৰ অধীনত এই প্ৰক্ৰিয়াত শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহজিলা গুজৰাটৰ কল্লোল আৰু অসমৰ গেলেকি তৈলক্ষেত্ৰৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰে। অসমৰ সৰ্বাধিক উৎপাদনক্ষম তথা লাভজনক গেলেকি তৈলক্ষেত্ৰক চালাম বাজাৰ নামৰ বহিৰাগত কোম্পানীটোক হস্তান্তৰৰ এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰে।

কিন্তু আচৰিতভাৱে মোদীৰ গৃহ জিলা গুজৰাটৰ কল্লোল তৈলক্ষেত্ৰ নিবিদা প্ৰক্ৰিয়াত কোনো দেশী বিদেশী তৈল কোম্পানীয়ে অংশগ্ৰহণ নকৰিলে। ৰাজনৈতিক হেঁচাৰ বাবেই কল্লোল তৈলক্ষেত্ৰ নিবিদাত কোনো কোম্পানীয়ে অংশগ্ৰহণ নকৰাক লৈ ব্যাপক চৰ্চা চলিছে। গেলেকি তৈলক্ষেত্ৰত ভূগৰ্ভৰ খাৰুৱা তেলৰ বিষয়ে অৱগত হৈ বহুৰাষ্টীয় কোম্পানী চালামবাজাৰে গেলেকি তৈলক্ষেত্ৰৰ কাম কাজ আৰম্ভ কৰিবলৈ তৎপৰ হৈ পৰিছে। অএনজিচি অসমৰ সম্পদৰ সৰ্বাধিক উৎপাদনক্ষম গেলেকি তৈলক্ষেত্ৰ চালামবাজাৰক গতাই দিলেই অএনজিচিৰ কাম কাজ অসম সম্পদত সংকুচিত হৈ পৰিব আৰু ইয়াৰ ফল ভোগ কৰিব লাগিব অসম আৰু অসমীয়াই।

কৃষক মুক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গেলেকি তৈলক্ষেত্ৰৰ লগতে অন্যান্য বিষয় সন্দৰ্ভত অসম সম্পদৰ মুখ্য কাৰ্যালয়ত বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। অএনজিচিৰ অসম সম্পদক গভীৰ সংকটৰ মাজলৈ ঠেলি দিয়াৰ বিৰোধিতাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত অহা ৭ দিনৰ ভিতৰত বাতিল নকৰিলে কৃষক মুক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লোৱাৰ লগতে কোনো কাৰণতে বহিৰাগত কোম্পানীক কাম কৰিবলৈ নিদিয়ে বুলি সংগঠনটোৱে হুংকাৰ দিয়ে।

প্ৰতিবাদস্থলীত সুৰক্ষা বাহিনীৰ জিএমএছ মুৰুলিধৰৰ যোগেদি নাজিৰাস্থিত মুখ্য কাৰ্যালয়ৰ অসম সম্পদৰ সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতিবাদস্থলীত শিৱসাগৰ জিলাৰ কৃষক মুক্তিৰ সভাপতি চিদানন্দ গগৈ, যুটীয়া সম্পাদক প্ৰণয় হাজৰিকা, ৰঞ্জিত গগৈ, ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলাৰ সভাপতি মণ্ডলীৰ ঋতুমণি হাজৰিকা, পৰাশৰ কোঁৱৰ, দুলাল কলিতা, সম্পাদক মণ্ডলীৰ ৰাজু চেতিয়া ফুকন, সহকাৰী সম্পাদক আছিফ ইছলাম উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।