ফিলিপিন্সত ভয়ংকৰ বিমান দুৰ্ঘটনাঃ ৮৫ গৰাকীকৈ সেনা জোৱান কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাগ্ৰস্ত

 07/04/2021 - 16:08

 

নিউজ ডেস্কঃ ফিলিপিন্সত ভয়ংকৰ বিমান দুৰ্ঘটনা। ৮৫ গৰাকীকৈ সেনা জোৱান কঢ়িয়াই নিয়া এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। দেওবাৰে পুৱা দক্ষিণ ফিলিপিন্সত সংঘটিত হোৱা এই দুৰ্ঘটনাত কিমানজন সৈনিকৰ মৃত্যু হৈছে সেয়াও এতিয়াও জানিব পৰা হোৱা নাই। এই দুৰ্ঘটনাৰ কথা সংবাদমাধ্যমক সদৰি কৰিছে ফিলিপিন্সৰ সেনা প্ৰধানে। এতিয়ালৈকে ১৫গৰাকী জোৱানক উদ্ধাৰ কৰা হৈছে বুলি সদৰি কৰিছে সেনা প্ৰধানগৰাকীয়ে।
    

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।