টীয়কৰ চিন্তামণিগড় জেলেঙীটোপত একেদিনাই ৮২ জনৰ দেহত ক’ভিড-১৯ পজিটিভঃ কন্টেইনমেন জ'ন ঘোষণা

 07/04/2021 - 18:41

 


টীয়কঃ ক’ভিডৰ গণ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে যোৰহাট জিলাৰ টীয়কত। টীয়ক ৰাজহচক্ৰৰ অধীনৰ জাঁজী ধেমাজি গাঁও, বামুণপুখুৰী পাচনী গাঁও, উত্তৰ দুলীয়া, আদি প্ৰশাসনে কন্টেইনমেন জ'ন ঘোষণা কৰা পিছত কালি সন্ধিয়া চিন্তামণিগড় জেলেঙীটোপ, ঘোৰাচোঁৱা পথাৰ শেহতীয়াকৈ কন্টেইনমেন জ'ন ঘোষণা কৰিছে। ইফালে কালি নিশা আৰু আজি বিয়লি কেইবাজনো লোকক ভগামুখৰ ক’ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰিছে৷

কন্টেইনমেন জ'ন সমূহত প্ৰশাসনে পহৰা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে চিন্তামণিগড়ৰ কন্টেইনমেন জ'নত বাৰ ঘণ্টাই পহৰাৰ ব্যৱস্থা কৰিছে নাওঁবৈচা মহিলা গাঁওৰক্ষী বাহিনীয়ে। কন্টেইনমেন জ'ন সমূহত টীয়ক আঞ্চলিক ছাত্র সন্থা, শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাই প্ৰয়োজনীয় ঔষধ যোগান ধৰা বুলি জানিবলৈ দিছে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জিতু নেওগে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।