05/27/2019 - 17:51
in
বৰপেটা: এগৰাকী ছাত্ৰই হাউলীৰ বি এইচ কলেজৰ বিল্ডিঙৰ পৰা আজি প্ৰায় দহমান বজাত জপিয়াই আত্মহত্যাৰ চেষ্টা চলোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হয়৷ ছাত্ৰজন হৈছে বাণিজ্য শাখাৰ স্নাতক বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্র কমল গয়াৰী। ছাত্ৰজনক লগে লগে বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত ভৰ্ত্তি কৰোৱা হয়৷
ছাত্ৰজন বৰ্তমান সংকটমুক্ত যদিও শৰীৰ বিভিন্ন অংশত আঘাতপ্ৰাপ্ত হৈছে৷ পৰীক্ষাত নকল কৰি ধৰা পৰাৰ কাৰণে ছাত্ৰজনে আত্মহত্যাৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।