কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ একনায়কত্ববাদ: মুছলিম ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীৰ পদত্যাগ

 05/27/2019 - 18:09

খাৰুপেটীয়া: মুছলিম ছাত্রসন্থা অসমৰ সভাপতি জালাল উদ্দিনে সংগঠনত চলোৱা একনায়কত্বৰ বাবে জাঙুৰ খাই উঠিছে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আব্দুৰ ৰৌফ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ সময়ত কোনোধৰণৰ ভূমিকা লোৱা দেখা নগ'ল সংগঠনটোৰ কোনো নেতা-কৰ্মীক। সভাপতি জালাল উদ্দিনে কেন্দ্ৰীয় সমিতিৰ কোনো বিষয়ববীয়াক গুৰুত্ব নিদি কেৱল নিজৰ স্বাৰ্থ আদায়ৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা দেখা যায়।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত প্ৰকৃত ভাৰতীয় নাগৰিকৰ বিৰূদ্ধে একাংশ ব্যক্তিয়ে আপত্তি দৰ্শাইছিল। সেই আপত্তি দৰ্শোৱা ব্যক্তিকেইজনে শুনানীৰ সময়ত উপস্থিত নোহোৱাৰ প্ৰতিবাদত যোৱা ১৭ মে' তাৰিখে মুছলিম ছাত্ৰ সন্থাই গুৱাহাটীৰ চচলত এটি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। সেইমতে সকলো ঠিকঠাক হোৱাত তৎক্ষণাত সভাপতি জালাল উদ্দিনে চ'চিয়েল মিডিয়াযোগে সেই প্ৰতিবাদী কাৰ্যসূচী বৰ্জন কৰাত বাকী নেতাসকলে ক্ষুব্ধ হৈ পৰে।

অৰাজনৈতিক সংগঠন এটাই নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলৰ পৰা বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰ বিনিময়ত বাকী কৰ্মীসকলক কেৱল নিৰ্দিষ্ট এটা দলত ভোট দিবলৈ আহ্বান জনায় বুলি সভাপতি জালাল উদ্দিনৰ বিৰূদ্ধে বিভিন্ন অভিযোগ উত্থাপিত কৰে উপসভাপতি আব্দুৰ ৰৌফে।

সেয়েহে সভাপতিজনে সংগঠনটোৰ মাজত একনায়কত্ববাদ চলোৱাত কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আব্দুৰ ৰৌফে দৰঙ জিলা সমিতিৰ সভাপতি ৰফিকুল ইছলাম আৰু সাধাৰণ সম্পাদক ওমৰ আলীৰ লগতে কেইবাটাও আঞ্চলিক সমিতিৰ শতাধিক সদস্যই মুছলিম ছাত্ৰ সন্থাৰ সদস্য পদৰ পৰা সমূহীয়াভাৱে পদত্যাগ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।