সামাজিক দায়বদ্ধতাত অগ্ৰণী ভূমিকা লৈছে ৰাজহুৱা খণ্ডৰ অনুষ্ঠান আইঅ'চি লিমিটেডে

 05/27/2019 - 18:46

গুৱাহাটী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সব কা চাথ চব কা বিকাশ আৰু স্বচ্ছতা আঁচনিৰ অনুকৰণেৰে সমাজৰ বিভিন্ন অনুষ্ঠানসমূহ, পিছপৰা গ্ৰামাঞ্চলৰ এলেকাসমূহ আগুৱাই নিয়াৰ বাবে সমাজিক দায়বদ্ধতা আঁচনিৰ অধীনত বছৰি ৫ কোটি টকা ব্যয় কৰে। এনে এক আঁচনিৰ অধীনত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ চৌহদত উত্তৰ গুৱাহাটী বটলিং প্লান্টে ২০ লাখ টকা ব্যয় সাপেক্ষে এটি স্বাস্থ্যসন্মত শৌচালয় নিৰ্মাণ কৰি উলিয়াইছে।

আজিৰ দিনৰ ১২ বজাত উত্তৰ গুৱাহাটী মহাবিদ্যালয় প্ৰেক্ষাগৃহত শৌচালয় উদ্ধোধনী সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দিলীপ কুমাৰ দাসে আদৰণী ভাষণ পাঠ কৰি আইঅ'চিৰ এই পদক্ষেপক শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। এনে স্বাস্হ্যসন্মত শৌচালয়ে স্বচ্চতাৰ দিশত মহাবিদ্যালয়খনক আৰু এধাপ আগুৱাই নিব বুলি তেওঁ উল্লেখ কৰে। আজিৰ উন্মোচনী সভাত আইঅ'চিৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকি সভাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

সভাখনৰ আঁত ধৰে মহাবিদ্যালয়ৰ অধ্যাপিকা প্ৰতিমা বৰুৱাই। সভাত বক্তব্য ৰাখি আইঅ'চিৰ বিষয়া পাৰ্থিৱ ধৰে কয় প্ৰতি উদ্যোগৰে সামাজিক দায়বদ্ধতা পালন কৰাটো এটা প্ৰধান দায়িত্ব। আইঅ'চিয়ে এইক্ষেত্ৰত সংকল্পবদ্ধভাবে আগবাঢ়িছে। জ্যেষ্ঠ বিষয়া উত্তিয়া ভট্টাচাৰ্যই বক্তব্য ৰাখি কয় যে এই আঁচনিয়ে শিক্ষা, স্বাস্থ্যখণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

এই আঁচনিৰ অধীনত উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ বিভিন্ন স্থানত বিদ্যালয় ভৱন নিৰ্মাণ, শৌচালয়, কম্পিউটাৰ ইত্যাদি নিৰ্মাণৰ লগতে স্বাস্থ্যখণ্ডৰ স্মাইল আঁচনিৰ অধীনত ৩০০শৰো অধিক শিশুৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

ইয়াৰ পাছতে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত নৱ-নিৰ্মিত শৌচালয়টোৰ চাবি অৰ্পণ কৰে আইএচি কৰ্তৃপক্ষই। শৌচালয়টোৰ ফিটা কাটি উন্মোচন কৰে জ্যেষ্ঠ বিষয়া উত্তিয়া ভট্টাচাৰ্যই। আইঅ'চিৰ এনে পদক্ষেপক উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ, মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে অধ্যাপক-অধ্যাপিকাসকলে শলাগ লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।