পৰকীয়া প্ৰেম: ৰঙাঘৰৰ আলহী হ'ল চিকিৎসক

 05/27/2019 - 19:11

নলবাৰী: পৰকীয়া প্ৰেমৰ পৰিণতিত এতিয়া ৰঙাঘৰ পালেগৈ এগৰাকী পশু চিকিৎসক। পৰনাৰীৰ লগত প্ৰেম কৰি ৰমনীপ্ৰিয় চিকিৎসকজন এতিয়া ৰঙাঘৰৰ আলহী। এবাৰ নহয় দুবাৰ বিয়া কৰাইও ক্ষান্ত নোহোৱা চিকিৎসকজনক প্ৰেমৰ নিচাই এতিয়া মূৰত ধৰিছে। এইগৰাকী পশু চিকিৎসকৰ নাম পুলিন বৰ্মন। পুলিন বৰ্মনৰ কুচৰিত্ৰৰ বাবে প্ৰথমা পত্নী ইতিমধ্যেই গুচি গৈছে মাকৰ ঘৰলৈ। দ্বিতীয় পত্নীৰ ওপৰতো এতিয়া শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰে চিকিৎসকজনে।

দ্বিতীয় পত্নীৰ ওপৰত অত্যাচাৰ চলাই ঘৰৰ আলমিৰা ভাঙি পত্নীৰ সঞ্চয়ৰ প্ৰায় ডেৰ লাখ টকা লৈ ঘৰত টলা মাৰি উধাও হ'ল চিকিৎসকজন। পত্নীয়ে উপায়হীন হৈ নলবাৰী আৰক্ষী থানাত তৰিলে গোচৰ। পিছে আজি ঘটনাই ল'লে অন্য ৰূপ। পৰকীয়া প্ৰেমত ওস্তাদ চিকিৎসকজন নলবাৰীৰ জাগৰাৰ বস্তি চুবাত আজি বেয়াকৈ ফচি গ'ল। এগৰাকী মহিলাৰ লগত অসামাজিক কাৰ্যত লিপ্ত থকা অৱস্থাত ৰাইজে হাতে লোটে ধৰি চিকিৎসকজন আৰু এগৰাকী মহিলাক বেলশৰ আৰক্ষীক গতাই দিলে।

নিজৰ পত্নীৰ ওপৰত অত্যাচাৰ চলাই এতিয়া অবৈধ প্ৰেমৰ পৰিণতিত এইদৰে ৰঙা ঘৰৰ আলহী হ'বলগীয়া হ'ল চিকিৎসকজন। বহু মহিলাৰ লগত এইগৰাকী লম্পট চিকিৎসকৰ আছে সম্পৰ্ক। আৰু আজি এইদৰে অবৈধ কাৰ্যত লিপ্ত থকাৰ বাবে ৰাইজে ধৰি আৰক্ষীক গতাই দিয়াৰ পিছত অঞ্চলজুৰি সৃষ্টি হয় উত্তেজনাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।