জটিল ৰোগত আক্ৰান্ত তেজপুৰৰ সুদক্ষ খেলুৱৈ

 05/27/2019 - 19:20

ৰঙাপৰা: তেজপুৰৰ প্ৰতিভাবান ছাত্ৰ তথা সুদক্ষ খেলুৱৈ ধ্ৰুৱজ্যোতি বৰা জটিল ৰোগত আক্ৰান্ত হৈ বিগত কিছুদিন ধৰি অসুস্থ হৈ আছে। তেজপুৰ তেলেৰীয়া ভকত চুবুৰীৰ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা বুলেন বৰাৰ বাবে সন্তানৰ চিকিৎসা কৰোৱাতো অসম্ভৱ হৈ পৰিছে।

ধ্ৰুৱজ্যোতিক চেন্নাইত অস্ত্ৰোপচাৰৰ বাবে নিয়াৰ পৰামৰ্শ দিছে চিকিৎসকে। নৱম শ্ৰেণীৰ ছাত্ৰ ধ্ৰুৱজ্যোতিক চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্যৰ প্ৰয়োজন হৈ পৰিছে। ইচ্ছুক লোকে শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ মুখ্য সমন্বয়ক ছাজিদুৰ ৰহমান (ফোন নম্বৰ ৮৬৩৮৭৪২১৬৪)ক যোগাযোগ কৰাৰ লগতে এচবিআই মিছন চাৰিআলিৰ শাখাত মাতৃ ভাৰতী বৰাৰ একাউণ্ট নম্বৰত ৩৫৮৪৬৮৫৫৯৩৩ আৰ্থিক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।