জীও বেগ কেলেংকাৰী: কলগাছিয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

 05/27/2019 - 20:14

কলগাছিয়া: কলগাছিয়াৰ মইনবড়ি-হাতছাৰাত পানীত নামি ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। জীও বেগৰ বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগত এই প্ৰতিবাদ। ঠিকাদাৰ, অভিযন্তাই জীও বেগৰ ভিতৰত জীও বেগ ভৰাই আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। পশ্চিম গুৱাহাটীৰ পিছত এইবাৰ বৰপেটাত জিও বেগ কেলেংকাৰী। জিও বেগৰ ভিতৰত জিও বেগ ভৰাই ঠিকাদাৰৰ ধন ঘটাৰ নতুন পন্থা।

গৰাখহনীয়া প্ৰতিৰোধৰ নামত ঠিকাদাৰ আৰু অভিযন্তাৰ বৃহৎ কেলেংকাৰী। মানাহ নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ বাবে জলসম্পদ বিভাগে লৈছিল এক অত্যাধুনিক ৪০ লাখ টকীয়া আঁচনি। কিন্তু ঠিকাদাৰে বিভাগীয় অভিযন্তা আৰু বিষয়াৰ সৈতে মিলি অধিক মুনাফাৰ আশাত এটা জিও বেগৰ ভিতৰত দুই-তিনিটা জিও বেগ ভৰাই লুণ্ঠন কৰিছে আঁচনিৰ ধন।

যাৰ বাবে আজি ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিয়ে আঁচনি থলীত পানীত নামি ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্থ কৰে। প্ৰতিবাদকাৰীয়ে ঠিকাদাৰ, জলসম্পদ বিভাগৰ অভিযন্তা, বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গান দিয়াৰ লগতে অতি সোনকালে তদন্তৰ জৰিয়তে ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।