সীমান্ত আৰক্ষীৰ চৰম গাফিলতি: আৰক্ষীৰ কৱলৰ পৰা পলায়ন অবৈধ বাংলাদেশীৰ

 05/27/2019 - 20:20

মাণিকপুৰ: বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ সীমান্ত আৰক্ষীৰ চৰম গাফিলতিৰ ফলত এজন সন্দেহযুক্ত বাংলাদেশী পলায়ন কৰে। জিলাখনৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ২ নং দেউটাৰীৰ পৰা আজি ৰাতিপুৱা মানিকপুৰ থানাৰ সীমান্ত আৰক্ষীয়ে জয়নাল আব্দিন নামৰ এজন সন্দেহযুক্ত বাংলাদেশীক আটক কৰি মাণিকপুৰ থানালৈ আনে।

পিছত সীমান্ত আৰক্ষীৰ শ্ৰীমল ৰায়(constible) আৰু শাহেব আলী (হাবিলদাৰ)ৰ সহযোগত মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। কিন্ত্ত সন্দেহযুক্ত বাংলাদেশীজনে সীমান্ত আৰক্ষী দুজনৰ চকুত ধূলি দি চিকিৎসালয়ৰ পৰা পলায়ন কৰে।

সীমান্ত আৰক্ষীৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি সচেতন মহলে দাবী কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।