হাটশিঙিমাৰী: দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয় তথা হাটশিঙিমাৰীত আজি আবেলি কৃষি বিষয়া ড০ মুজাম্মিল হকে এক সংবাদমেল পাতি সাংবাদিকৰ আগত কয় যে চলিত মাহৰ কেইদিনমান পূৰ্বে একাংশ সংবাদ মাধ্যমত দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি কাৰ্যালয়ৰ বিভিন্ন প্ৰকাৰৰ বীজ, সাৰ, ঔষধ, স্প্ৰে মেচিন আদিকে ধৰি বিভিন্ন সা-সঁজুলি বিতৰণৰ নামত বিয়াগোম দুৰ্নীতি সংঘটিত হোৱা বাতৰি প্ৰকাশ হোৱা পৰিলক্ষিত হৈছে।
উক্ত বাতৰি সংবাদ দাতাৰ নিজস্ব অভিমত, মনেসজা আৰু ভিত্তিহীন নতুবা দালাল জাতীয় কোনোবা মধ্যস্থতাকাৰীৰ ষড়যন্ত্ৰত প্ৰকাশ হৈছে আৰু প্ৰকাশ হোৱা বাতৰিটো সম্পূৰ্ণ মিছা। দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি কাৰ্যালয়ত কোনো বিয়াগোম দুৰ্নীতি সংঘটিত হোৱা নাই বুলি মন্তব্য কৰে কৃষি বিষয়াজনে।
উল্লেখ্য যে উৰ্ধতম কৰ্তৃপক্ষৰ পৰা প্ৰাপ্ত যিকোনো আবন্টন জিলা কৃষি বিষয়াই বিভাগীয় নীতি নিয়মৰ মাজেৰে জিলাৰ কৃষি উন্নয়ন বিষয়ালৈ আবন্টন দিয়ে আৰু নিৰ্দিষ্ট কিছুমান আঁচনিৰ ক্ষেত্ৰত চৰকাৰে গঠন কৰি দিয়া একক সমিতি য'ত স্হানীয় বিধায়ক, পি আৰ আই আৰু জিলাৰ নেতৃস্থানীয় সমাজকৰ্মীৰ পৰামৰ্শমৰ্মে হিতাধিকাৰী বাচনি কৰি আবন্টিত কৃষি সামগ্ৰী আৰু বীজ বিতৰন কৰে বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে কৃষি বিষয়াজনে।
আনহাতে সত্য নজনাকৈ একাংশ সাংবাদিকে এনেকুৱা দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰি জিলা কৃষি বিষয়া তথা অন্যান্য বিষয়া কৰ্মচাৰীৰ মান সন্মান হেয় প্ৰতিপন্ন কৰিবলৈ কৰা প্ৰচেষ্টাক তীব্ৰ গৰিহণা আৰু পুনৰায় তেনে কাম নকৰিবলৈ সকিয়াই দিয়ে কৃষি বিষয়া ড০ মুজাম্মিল হকে।