মঙলদৈ আৰক্ষীয়ে দুখন বাইক সহ আটক কৰিলে তিনি চোৰ

 05/28/2019 - 12:40

মঙলদৈঃ মঙলদৈ আৰক্ষীয়ে দুখন বাইক সহ আটক কৰিলে তিনি চোৰ। দৰং আৰক্ষীৰ অধীক্ষক অমিত ভূঞা ৰ নেতৃত্বত চলিছিল অভিযান। আটক হোৱা চোৰ কেইটা সৰাবাৰীৰ বিপুল শৰ্মা, বেজপাৰাৰ অজিত ডেকা আৰু দলংঘাটৰ মিথুন বড়ো।

মিথুন বড়োৰ ঘৰৰ পৰা উদ্ধাৰ এখন চুৰি বাইক।বাইক চুৰি কৰি নম্বৰ প্লেট ভাঙি পেলোৱাৰ লগতে মচি দিছিল থেচিচ আৰু ইঞ্জিন নম্বৰ।

এখন গ্লেমাৰ আৰু এখন স্প্লেণ্ডাৰ বাইক জব্দ কৰে আৰক্ষীয়ে।বিপুল শৰ্মা নামৰ চোৰটো পূৰ্বেও বহুবাৰ বাইক চুৰি কাণ্ডত জেললৈ গৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.