পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যুঃ উত্তপ্ত পৰিস্থিতি আমগুৰিত

 05/28/2019 - 12:56

আমগুৰিঃ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি নিশা আমগুৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চামগুৰি বৰ মছজিদৰ সমীপত ধোদৰ আলি অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ কৰে।উদণ্ড সুৰাসক্ত বাইক চালকৰ খুন্দাত এগৰাকী মহিলা নিহত হোৱাক কেন্দ্ৰ কৰি ধোদৰ আলি অৱৰোধেৰে টায়াৰ জ্বলাই ৰাইজে প্ৰতিবাদ কৰে। চামগুৰি বৰ মছজিদৰ সন্মুখত ধোদৰ আলিত সংঘটিত এই ঘটনাত অকলিমা ওৰফে মাফুল বেগম(৬০) নামৰ মহিলাগৰাকীৰ মৃত্যু হয়

।দুৰ্ঘটনা সংঘটিত কৰা ১৫০ পালচাৰ বাইকখনৰ নম্বৰ এ এচ ০৪ এম ১১৪১। মটৰ চাইকেলৰ চালক আৰোহীৰ নাম ক্ৰমে অনুজ বৰা আৰু পূৰ্ণ বৰা। ঘটনাৰ পিছতে স্থানীয় লোকে ধোদৰ আলি অৱৰোধ কৰি নিশা ১ বজালৈকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। অসম পুলিচ হায় হায়,দোষীক উপযুক্ত শাস্তি দিয়ক,আবকাৰী বিভাগ হায় হায়,আমগুৰি আৰক্ষী হায় হায় শ্ল'গানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে জনতাই।

নিশাই প্ৰতিবাদস্থলীত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰকাশ কৰাত প্ৰতিবাদকাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী উঠাই লয়। ইয়াৰ পিছতেই আৰক্ষীয়ে ঘটনা সংঘটিত কৰা দুই যুৱকক আটক কৰিছে। ঘটনা সংঘটিত কৰা পালচাৰ বাইকত উদ্ধাৰ হৈছে চুলাই মদৰ বটল। অঞ্চলটোৰ চুলাই ঘাটি বন্ধ কৰাত ব্যৰ্থ হোৱা আবকাৰী বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।