কাকপথাৰত মানৱতাৰ উৎকৃষ্ট নিদৰ্শনঃ মুকলি আকাশৰ তলত দিন পাৰ কৰা দুই অসহায় যুৱতীক দিলে ঠিকনা

 05/28/2019 - 13:21

কাকপথাৰ : নিজ ঘৰৰ পৰা উপেক্ষিত কেইবাবছৰ ধৰি মুকলি আকাশৰ তলত দিন অতিবাহিত কৰা একালৰ চহকী পৰিয়ালৰ দুই অসহায় যুৱতীক নিজৰ ঠিকনা বিচাৰি দিলে মৰাণ ছাত্ৰ সন্থাই৷ কাকপথাৰৰ ২নং চেলেংগুৰিৰ কৃষ্ণা কুমাৰী যাদৱ(২২) আৰু দীপিকা কুমাৰী যাদৱ(১৯) নামৰ ভগ্নী দুগৰাকীয়ে চাৰিদিন ধৰি কাকপথাৰৰ চহৰৰ পুৰণা মহলৰ বাৰান্দাতে বাসস্থান কৰিছিল৷

দুগৰাকী গাভৰুৱে এইদৰে থকা বিষয়টো কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ কৰ্মীৰ দৃষ্টিগোচৰ হোৱাত দুই ভগ্নীৰ পৰা তেনেকৈ বাস কৰাৰ বিষয়ে জানিব বিচৰাত নিজৰ ভাতৃৰ হাৰাশাস্তি আৰু অত্যাচাৰৰ বাবে এইদৰে থাকিবলগীয়া হোৱা বুলি জানিবলৈ দিয়ে৷ বিগত প্ৰায় কেইবাবছৰে ঘৰৰ বাহিৰত ভাড়া ঘৰত দিন অতিবাহিত কৰি আহিছিল যদিও ঘৰ ভাড়া দিব নোৱাৰৰ বাবে অৱশেষত এইদৰে থাকিব লগীয়া হোৱা বুলি জানিবলে দিয়ে৷

মুন্না প্ৰসাদ যাদৱ নামৰ ব্যক্তিগৰাকীয়ে দুই ভগ্নীক মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ লগতে তেওঁলোকৰ পৈতৃক সম্পত্তি হিচাপে থকা ঘৰটোৰ মাটিখিনিৰ এটা অংশও বিক্ৰী কৰি দিয়া বুলি উল্লেখ কৰে৷ মৰাণ ছাত্ৰসন্থাৰ কৰ্মীসকলে ভাতৃ মুন্না প্ৰসাদ যাদৱৰ লগতে দুই ভগ্নীক একেলগ কৰাই আজিৰে পৰা নিজ গৃহত থকাৰ ব্যৱস্থা কৰি দিয়ে ৷

লগতে ভৱিষ্যতে এনেধৰণৰ কাৰ্য যাতে সংঘটিত নকৰে তাৰ বাবেও মুন্না প্ৰসাদ যাদৱৰ পৰা লিখিত প্ৰতিশ্ৰুতি লয়৷ চাৰিদিনে মুকলি আকাশৰ তলত থকা দুই যুৱতীক মৰাণ ছাত্ৰ সন্থাই এনেদৰে মানৱীয় দৃষ্টিভংগীয়ে নিজ ঠিকনা বিচাৰি দিয়া কাৰ্যক শলাগিছে কাকপথাৰৰ সচেতন নাগৰিকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।