গোলাঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত আৰক্ষী আৰু প্ৰশাসনৰ চকুত ধূলি দি দিনদুপৰতে চলাইছে কয়লাৰ অবৈধ বেহা। যাৱতীয় নথিপত্ৰ নথকাৰ বাবে মহকুমা প্ৰশাসনে বন্ধ কৰি ৰখা বৰপথাৰ আৰক্ষী থানাৰ অন্তর্গত ২নং প্ৰেমহৰাস্থিত ইটাভাটাৰ মালিক বাংকা চাহনীয়ে চুবুৰীয়া কাৰ্বি আংলং জিলাৰ পৰা দিনদুপৰতে সৰবৰাহ কৰিছিল কয়লা। বৰষুণৰ বাবে ইটাভাটালৈ গাড়ী সোমাব নোৱৰাত প্ৰেমহৰা পঞ্চায়তৰ অঙ্গা তিনিআলিত আনলোড কৰিছিল।
সাংবাদিক অহাৰ খবৰ পাই কয়লাসহ সেই স্থানৰ পৰা ট্ৰাকখন পলাই যায় যদিও ট্ৰাকখনৰ আধাখিনি কয়লা পেলাই থৈ যায়। দণ্ডাধীশৰ নিৰ্দেশত বৰপথাৰ আৰক্ষীয়ে কয়লাখিনি জব্দ কৰে যদিও ট্ৰাকখন বিচাৰি উলিয়াবলৈ সক্ষম নহ’ল। নিশালৈ এটা ছাত্ৰ সংগঠনৰ খবৰৰ ভিত্তিত এখন ফিল্ডৰ মাজত ট্ৰাকখনৰ পৰা কয়লা আনলোড কৰি থকা অৱস্থাত উৰিয়ামঘাট আৰক্ষী আহি উপস্থিত হয়হি।
উক্ত এলেকাতো উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তর্গত নোহোৱাৰ বাবে সৰুপথাৰ আৰক্ষীক খবৰ দিয়ে আৰু সৰুপথাৰ আৰক্ষী সেই স্থানত উপস্থিত হোৱাত উৰিয়ামঘাট আৰক্ষী তাৰপৰা গুছি যায় । সিমানলৈকে সকলো ঠিকেই আছিল। কিন্তু সাংবাদিকৰ এটা দলে সৰুপথাৰ আৰক্ষী থানাত এই সম্পর্কে খবৰ কৰিবলৈ গৈ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক লগ নাপাই ফ'ন যোগে সোধাত প্ৰথমতে কোনো কয়লা গাড়ী নাই পোৱা বুলি জনাই যদিও পিছ মুহূৰ্ততে ফচি থকা গাড়ী ৰখি থাকিবলৈ আমাৰ সময় নাই বুলি তুলুঙা মন্তব্য কৰে।
সৰুপথাৰ থানাৰ আৰক্ষী বিষয়াগৰাকীৰ এনে আচৰণ সম্পর্কে গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক সাংবাদিকৰ দলটোৱে অৱগত কৰাত নিশাই সৰুপথাৰ আৰক্ষী সেই স্থানত উপস্থিত হয়হি। তিনিদিন ধৰি কয়লাসহ এখন ট্ৰাক টেঙাবাৰীৰ গিৰ্জাৰ সমীপৰ এখন ফিল্ডত পৰি থকাত শংকিত হৈ পৰিছে অঞ্চলবাসী । অঞ্চলটোৰ ৰাইজেও সৰুপথাৰ আৰক্ষীক খবৰ দিয়াৰ পিচটো আৰক্ষীয়ে ফিল্ডৰ পৰা ট্ৰাক আৰু কয়লাখিনি থানালৈ উঠাই নিনিয়াত আশ্বৰ্য প্ৰকাশ কৰিছে আৰু কয়লা বেপাৰীৰ লগত আৰক্ষীৰ গোপন বুজাবুজি হোৱাৰ বাবেই হয়তো বৰ্তমানলৈকে ট্ৰাকখনৰ লগতে কয়লাখিনি থানালৈ নিয়া নাই বুলি কয় স্থানীয় একাংশ সচেতন লোকে।