05/28/2019 - 14:44
in
জুৰীয়াঃ জুৰীয়া উন্নয়নৰ খণ্ডৰ ধিং বৰি চাপৰিৰ লাুলংগাঁৱত পথ নিৰ্মাণৰ নামত প্ৰায় ২০ লাখ টকা আৱণ্টিত ধন লুণ্ঠন।পঞ্চায়ত প্ৰতিনিধিকে ধৰি খণ্ড উন্নয়ন বিষয়া আৰু অভিযন্তাই মিলি চলাইছিল লুণ্ঠন। আধা কাম কৰিয়েই সম্পূৰ্ণ ধন আত্মহাতৰ অভিযোগ উঠিছে।ভুৱা বিলেৰে উলিয়াই নিলে বহু লক্ষাধিক টকা।
লালুংগাওঁ মধ্য ইংৰাজী বিদ্যালয়ৰ সন্মুখত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত থকাত ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ অহাত বহুত অসুবিধাৰ সন্মুখীন হয়। আজি ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে ব্যপক কেলেংকাৰী হোৱা পথটিৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দি পথটি পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনায়।