এনআৰছিৰ ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে চচলত ইত্তেহাদ ফ্ৰন্টৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

 05/28/2019 - 15:10

দলগাঁওঃ অসমৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যা সমাধানৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম চলি আছে। কিন্তু শেহতীয়াকৈ কৰ্তৃপক্ষই বহু খাম-খেয়ালীৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। উচ্চতম ন্যায়ালয়ে ০১-১১-২০১৮ তাৰিখে অনুমোদন জনোৱা (SOP)ৰ কেবাটাও দফাৰ লগতে উচ্চতম ন্যায়ালয়ৰ কেবাটাও নিৰ্দেশনা উলংঘা কৰি দাবী আপত্তি নিষ্পত্তি প্ৰক্ৰিয়া চলাই গৈছে। ফলত সাধাৰণ ৰাইজ নানা সমস্যাৰ সম্মুখীন হোৱা পৰিলক্ষিত হৈছে।

উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা (SOP)ৰ কোনো ব্যক্তিয়ে ভুৱা  তথা মিছাকৈ হাৰাশাস্তিৰ উদ্দেশ্যে কাৰোবাৰ বিৰুদ্ধে আপত্তি আবেদন দাখিল কৰিলে তেওঁৰ বিৰুদ্ধে নাগৰিকত্ব আইনৰ ধাৰা ১৭ত উল্লেখ কৰা অনুসৰি ৫ বছৰলৈকে জেল আৰু ৫০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহাৰ দৰে শাস্তি প্ৰযোজ্য হ’ব।কিন্তু কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ক অন্ধকাৰত ৰাখি উক্ত দফা উলংঘা কৰি ভুৱা  আপত্তিকাৰীসকলক শাস্তি প্ৰদানৰ পৰিৱৰ্তে ৰক্ষনাবেক্ষণ দিয়া পৰিলক্ষিত হৈছে।

এই ক্ষেত্ৰত ইত্তেহাদ ফ্ৰণ্টে পূৰ্বৰে পৰা কৈ আহিছে যে ১৯৭১চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ বৈধ নথিপত্ৰ থকা প্ৰতিজন ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হোৱাকৈ আৰু ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো এজন বিদেশী নাম অন্তৰ্ভুক্ত নোহোৱাকৈ শুদ্ধ নাগৰিকপঞ্জী আমাৰ লাগিবই। যোৱা ০৮-০৫-১৯ তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে আপত্তিকাৰীৰ ঠিকনা দিয়া নিদিয়াৰ কৰ্তৃত্ব ৰাজ্যিক সমন্বয়কগৰাকীক প্ৰদান কৰিছিল। কিন্তু ৰাজ্যিক সমন্বয়ক গৰাকীয়ে যোৱা ইংৰাজী ১১-০৫-২০১৯ তাৰিখে আপত্তিকাৰীৰ ঠিকনা যাৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছে তেওঁক দিব নালাগে বুলি নিৰ্দেশনা প্ৰদান কৰিছে।

ফলত Natural Justice পোৱাত বাধা প্ৰদান কৰাহে পৰিলক্ষিত হৈছে।এই ক্ষেত্ৰত ইত্তেহাদ ফ্ৰন্ট,অসমে আজি গুৱাহাটী, চচলত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যিক সমন্বয়ক গৰাকীলৈ এনআৰছিত চলি থকা বিসংগতি সমূহ দূৰ কৰাৰ লগতে প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি নকৰাকৈ তথা বাদ নপৰাকৈ আৰু কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নোহোৱাকৈ শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ বাবে ৰাজ্যিক সমন্বয়কলৈ ইত্তেহাদ ফ্ৰণ্টৰ কাৰ্যকৰি সভাপতি আব্দুল ৰৌফ,উপ সভাপতি ৰুবুল আলী,সাধাৰণ সম্পাদক নুৰ ইছলাম মুখ্য সাংগঠনিক সম্পাদক তথা অধিবক্তা দেৱান শ্বহিদুল ইছলাম,সাংগঠনিক সম্পাদক ছুলেমান আলী,আব্দুল জলিল আৰু শ্বৰিফুল ইছলামে দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।