05/28/2019 - 16:30
in
দলগাঁওঃ পাৰিবাৰিক কন্দলক কেন্দ্ৰ কৰি দৰঙৰ দলগাঁৱত এগৰাকী সত্তৰ বছৰীয়া বৃদ্ধই আত্মহননৰ পথ বাছি লোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চিপ লৈ আত্মহত্যা কৰা গৌৰাঙ্গ সেনৰ কনিষ্ঠ পুত্ৰৰ দাবী জ্যেষ্ঠ ভাতৃ সুবলে বিভিন্ন সময়ত পিতৃভূমি নিজৰ নামত কৰাৰ বাবে বাৰে বাৰে বৃদ্ধ পিতৃক হেঁচা প্ৰয়োগ কৰিছিল৷
পৰিয়ালৰ সৈতে পৃথক থকা সুবলে বিভিন্ন সময়ত মাটি নিজৰ নামত কৰিবলৈ নিজৰ পিতৃক শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰাৰ লগতে থানা আদালতত বাৰে বাৰে গোচৰ দিছিল বুলি জনায় কনিষ্ঠ ভাতৃয়ে৷ আনকি মৃত গৌৰাঙ্গ সেনে আত্মহনন কৰাৰ পূৰ্বে ছুইচাইড নোটতো নিজ মৃত্যুৰ বাবে পুত্ৰ সুবলক জগৰীয়া কৰে৷ এতিয়া প্ৰশ্ন হ’ল এনে কুলাংগাৰ পুত্ৰক আৰক্ষীয়ে আটক কৰিব পাৰিবনে?