শৈক্ষিক বিপ্লৱত অগ্ৰণী ভূমিকা আজমল ফাউণ্ডেচনৰ

 05/28/2019 - 17:16

নীলবাগানঃ উত্তৰ পূৱৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা ৰূপে পৰিচিত হোজাইৰ আজমল ফাউণ্ডেচনে শৈক্ষিক বিপ্লৱৰ বাবে অহোপূৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে।আজমল গ্ৰুপ অৱ কলেজৰ অধীনস্থ মুঠ ১৫ খন কলেজৰ ছাত্ৰ ছাত্ৰীয়ে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে আজমল ফাউণ্ডেচন। আজমল গ্ৰুপ অৱ কলেজৰ পৰা তিনিওটা শাখাত ১৩৫৯ জন ছাত্ৰ-ছাত্ৰী হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হৈ এশ শতাংশ ফলাফল দেখুৱাবলৈ সক্ষম হয়।

কলা,বিজ্ঞান আৰু বাণিজ্য শাখাত মুঠ ৪২ জন ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংচন, ১৩৪ জনে ষ্টাৰ মাৰ্ক, ১১৫৮ টা লেটাৰ মাৰ্কসহ ৪৮৪ জনে প্ৰথম বিভাগ, ১৯৫ জনে দ্বিতীয় বিভাগ আৰু ১৫৪ জনে তৃতীয় বিভাগ লাভ কৰে। আজমল গ্ৰুপ অৱ কলেজৰ এনে ফলাফলত উৎফুল্লিত হৈ পৰিছে আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল,চিৰাজ উদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচন আৰু আজমল গ্ৰুপ অৱ কলেজৰ সমূহ বিষয়বৱীয়া।উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত নৱম স্থান দখল কৰা আজমল কলেজ অৱ আৰ্টচ এণ্ড চায়েন্স ধুবুৰীৰ অতি দৰিদ্ৰ পৰিয়ালৰ মানিক ৰয়ক আৰ্থিকভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আজমল ফাউণ্ডেচন।

পিতৃয়ে দিন হাজিৰা কৰা মানিক ৰয়ৰ থাকিবলৈ নাই বাসস্থান।জীয়াই থকাৰ বাবে নাই কোনো প্ৰয়োজনীয় সুবিধা।কোনোমতে জৰাজীৰ্ণ ঘৰ এখনত বাস কৰি জীৱন অতিবাহিত কৰা মানিক ৰয়ৰ সপোন ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ।এই কথা জানিব পাৰি আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজ উদ্দিন আজমলে মানিক ৰায়ক আৰ্থিকভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে।আজি আজমল ফাউণ্ডেচনৰ হৈ মৌলানা বদৰুদ্দিন আজমল, ড° খছৰুল ইছলাম,এম আৰ এইচ আজাদে মানিক ৰায়ৰ বাসগৃহ নিৰ্মাণ কৰিবলৈ এককালীন দুই লাখ টকাৰ সাহায্য প্ৰদান কৰে।

লগতে মানিক ৰায়ৰ উচ্চ শিক্ষাৰ বাবে সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পূৰণৰ বাবে দিল্লীত অনুষ্ঠিত হোৱা আজমল ফ্ৰি আই. এ.এচ কোচিঙৰ জৰিয়তে মানিক ৰায়ক সহায় সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে।ইয়াৰ উপৰিও সদ্যঘোষিত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা কৃতি শিক্ষাৰ্থীসকলক আজমল ফাউণ্ডেচনৰ পৰা নগদ এক লাখ টকাকৈ জলপানি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে মৌলানা বদৰুদ্দিন আজমলে।

বিজ্ঞান শাখাত প্ৰথম স্থানপ্ৰাপ্ত কৃতি শিক্ষাৰ্থী ক্ৰমে চায়ন মজুমদাৰ, বিতোপন আৰন্ধৰা, দ্বিতীয় স্থানপ্ৰাপ্ত ডেইজী পাঠক, দিশান্ত শইকীয়া, তৃতীয় স্থানপ্ৰাপ্ত হৃদি প্ৰিয়া শৰ্মা,কলা শাখাত প্ৰথম স্থানপ্ৰাপ্ত খুচবু ফিৰদৌছ, দ্বিতীয় স্থানপ্ৰাপ্ত ক্ৰমে কৌশিক কছাৰী আৰু গীতাঞ্জলি বৰঠাকুৰ, তৃতীয় স্থানপ্ৰাপ্ত কন্যাশ্ৰী ভাগৱতী আৰু কমাৰ্চ শাখাত প্ৰথম স্থানপ্ৰাপ্ত অসীম সৰকাৰ, দ্বিতীয় স্থানপ্ৰাপ্ত নিবেদিতা গগৈ, আয়ুশী জৈন, তৃতীয় স্থানপ্ৰাপ্ত নেহা আগৰৱালক আজমল ফাউণ্ডেচনে নগদ এক লাখ টকাকৈ জলপানি প্ৰদান কৰিব বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে আজমল ফাউণ্ডেচনৰ প্ৰৱন্ধক ড° খছৰুল ইছলামে।

অহা জুন মাহত হোজাইত আয়োজিত হবলগীয়া এক সম্বৰ্ধনা সভাত মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজ উদ্দিন আজমলৰ উপস্থিতিত এই কৃতি শিক্ষাৰ্থী সকলক জলপানিৰ ধনসমূহ প্ৰদান কৰা হ’ব। উল্লেখ্য যে মেট্ৰিক পৰীক্ষাত নিজৰ মেধাৰ পৰিচয় দিয়া ধুবুৰীৰ মানিক ৰায়ে আৰ্থিক অভাৱৰ বাবে এসময়ত উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হৈছিল।এই কথা জানিব পাৰি আজমল ফাউণ্ডেচনে মানিক ৰয়ক স্পনচৰ কৰি তেওঁৰ উচ্চ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিছিল।সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত নৱম স্থান লাভ কৰা এই দৰিদ্ৰ পৰিয়ালৰ মানিক ৰয়ক লৈ গৌৰৱান্বিত হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।