বদৰুদ্দিন আজমললৈ কেন্সাৰ ৰোগী শিল্পী শিখাৰ কৃতজ্ঞতা আৰু অনুভৱ

 05/28/2019 - 17:50

শিল্পী শিখাৰ ভাষাৰে

ডিজিটেল ডেস্কঃ আকৌ এবাৰ এখন নতুন যুদ্ধৰ বাবে সাজু হৈছো কলকাতা টাটা মেডিকেল চেন্টাৰত। উদ্দেশ্য এটা ইনজেকচন। যিটোৰ বাবে অপেক্ষা কৰিব লগা হ'ল প্ৰায় ৫ মাহ সময়। কাৰণ মেডিছ্নি আহিছে বাহিৰৰ পৰা তাকো ডাক্তৰৰ বহু চেষ্টাৰ মূৰত। ৰিজাল্ট কি আহিব সেইটো কোনেও নাজানে কিন্তু চেষ্টা কৰিছে মোক নতুন জীৱন দিবৰ বাবে। সাধাৰণতে কেঞ্চাৰ ৰোগীক যিখিনি ট্ৰিটমেণ্ট দিয়া হয় সেই সকলোখিনিয়েই মই লৈছো। তাকো এবাৰ দুবাৰ নহয় বহুতবাৰ। অৱশেষত ডাক্তৰেও ঘোষণা কৰিছে মোৰ সমান ট্ৰিটমেণ্ট লোৱা ৰোগী খুব কমেই আছে। কিন্তু তথাপি মই কৈছোঁ মই বহুত ভাগ্যৱতী। কিয় জানেনে কাৰণ আজি মই যিটো ইনজেকচন লম সেইটো হেনো ভাৰততে প্ৰথমবাৰৰ বাবে মোৰ লগতেই এপ্লাই হ’ব। so i_m_the_luckiest..

বহুতেই মোক সোধে তোমাৰ কি হল আকৌ তুমিতো ভাল হৈছিলা। হয়তো মোৰ আপডেটবোৰ দেখি ফটোবোৰ দেখি ভাবি লয় মই ঠিক হৈ গলো। কিন্তু আচলতে তেনেকুৱা নহয় মোৰ অসুখ ইমান এডভান্স ষ্টেজত আছে যে ইয়াক কণ্ট্ৰলত আনিবৰ বাবে সকলো প্ৰচেষ্টাই বাৰে বাৰে বিফল হৈছে। আজিও ব’ন মেৰ’ ট্ৰেণ্সপ্লাণ্টাৰ বাবে প্ৰছেছ কৰিব পৰা নাই। তথাপি মই চলি ফুৰি থাকিব পাৰিছো একমাত্ৰ আপোনালোকৰ মৰম আৰু ভগৱানৰ আশীৰ্বাদৰ বাবেই চাগে so_m_I_the_luckiest ? দ্বিতীয়তে নিম্ন মধ্যবিত্তৰ ঘৰৰ ছোৱালী হৈ মই যিখিনি পাইছো সেইখিনি পাবৰ বাবেও কপাল লাগিব।ভগৱানে যিদৰে আমাক বিপদ দিছে তেনেকৈ সমাধানৰ বাটো দেখাই আহিছে প্ৰত্যেক মূহুৰ্ততে। মোৰ প্ৰথম অসুখ ধৰা পৰাৰ সময়ত যেতিয়া ডাক্তৰে কৈছিল ১০ লাখ টকা যোগাৰ কৰিবৰ বাবে তেতিয়া সেইয়াও আছিল আমাৰ সাধ্যৰ বাহিৰত।

কিন্তু আজিলৈকে মোৰ লগত প্ৰায় ৫৫ লাখ টকাৰ চিকিৎসা হৈছে। যোৱা বছৰৰ পৰা মোৰ চিকিৎসাৰ খৰছ বহন কৰিছে আজমল ফাউণ্ডেশ্যনে। মোৰ সমান ব্যয়বহুল চিকিৎসা আজিলৈকে কোনেও নাই পোৱা ফাউণ্ডেচনৰ পৰা। এজন ব্যস্ত সাংসদ হৈও আজমল চাৰে মোক ফোন কৰে ভিডিঅ’ কল কৰে। মা- দেউতাক কথা দিয়ে মোক ভাল কৰি নি হিমা দাসৰ লগত দৌৰাব। So_m_the_luckiest। এনেকৈয়ে নোপোৱাখিনি বাদ দি যিখিনি পাইছো তাৰ মাজতে সুখী থাকিবলৈ চেষ্টা কৰোঁ। কাইলৈ মোৰ লগত কি হ’ব মই নাজানো।কিন্তু আপুনি জানো জানে এক ঘণ্টাৰ পাছত আপোনাৰ লগত কি হ’ব।জীৱন এনেকুৱাই।

ক’ৰ পৰা নি ক’ত পোৱাইগৈ কোনেও নাজানে। গতিকে যি পাইছে তাক লৈ উপভোগ কৰক জীৱনটো। মোক ইমান ডাঙৰ বেমাৰ ভগৱানে কিয় দিছে বুলি দুখ কৰা বহুজন আপোন মানুহ নিজেই হেৰাই গ’ল আমাৰ মাজৰ পৰাই আকস্মিক ভাৱেই। বাকী দুখ কাৰ নাথাকে। সকলো সময়তে সাহসী হোৱাও বহুত কষ্টকৰ। মই কি আছিলো মোক আগৰ পৰা জনাবোৰে জানে।যিকোনো কঠিন পৰিস্থিতিৰ পলাই পলাই থাকিয়ে ভাল পাইছিলো।এতিয়াও কষ্ট হয় সকলো মানি লবলৈ। জীৱনৰ আটাইতকৈ ভাললগা সময়খিনি লৈ গ’ল ভগৱানে। ১০ বছৰ ভালপোৱাৰ পাছত বিয়াৰ কথা বতৰা চলোতেই মই খোজ দিব লগা হ’ল বেলেগ এখন অচিনাকি পৃথিৱীত। কিন্তু আজিও মোৰ বাবে আৰু এখন ঘৰে বাট চাই আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।