ডিজিটেল ডেস্কঃ আজমল,নামেই যাৰ পৰিচয়। ৰাজনৈতিকভাৱে বহুতে সমালোচনা কৰিলেও তেওঁৰ বিশাল মনৰ বিশালতা দেখিলে সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য হ’ব আজমল মানেই এজন বিশাল হৃদয়ৰ লোক। আনৰ দুখ,কষ্ট দেখি কান্দি দিয়ে তেওঁৰ হৃদয়খনে।বিপদৰ সময়ত আৰ্তজনক সহায় কৰিবলৈ ওলাই আহে আজমল। শিক্ষা,স্বাস্থ্য আৰু সমাজসেৱাত দিনে ৰাতিয়ে নিজকে বিলাই দি সমাজৰ সকলো স্তৰৰ লোকৰ বাবে অহোপুৰুষাৰ্থ সহায়ৰ চেষ্টা অব্যাহত ৰাখিছে আজমলে।
আজমল ফাউণ্ডেচন তথা আজমল চিএচআৰৰ জৰিয়তে অলেখ দৰিদ্ৰ লোকৰ মুখলৈ হাঁহি আনিবলৈ সক্ষম হৈছে আজমল। প্ৰয়াত পিতৃৰ জীৱনৰ লক্ষ্যক বুকুত বান্ধি লৈ সমাজসেৱাত নিজকে অৰ্পণ কৰি হাজাৰ-হাজাৰ দৰিদ্ৰৰ জীৱনৰ আশাৰ বতৰা হৈ পৰিছে আজমল। কৰিমগঞ্জ জিলাৰ বিশিষ্ট শিক্ষাবিদ মুস্তাফা আহমেদ চৌধুৰীৰ পুত্ৰ মাচুম আহমেদ অতি মেধাসম্পন্ন প্ৰতিভাৱান শিক্ষাৰ্থী।
মেধাৱী ছাত্ৰজন কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ পিছতে পৰিয়ালটিৰ মূৰত সৰগ ভাঙি পৰে।চিকিৎসাৰ বাবে প্ৰয়োজন হয় বৃহৎ পৰিমানৰ ধনৰ। মাচুম আহমেদ চৌধুৰীৰ এই খবৰ জানিব পাৰি আজমলৰ হৃদয়ে সহিব নোৱাৰা হয়। লগে লগে আজমল ফাউণ্ডেচনৰ পৰা ১ লাখ টকাৰ সাহায্য প্ৰদান কৰা হয় মেধাৱী ছাত্ৰজনক।কিন্তু এইখিনিয়েই যথেষ্ট নাছিল।আজি পুনৰ ছাত্ৰজনক আজমল ফাউণ্ডেচনৰ পৰা দিয়া হয় নগদ ৫ লাখ টকাৰ সাহায্য। আজি মাচুম আহমেদক ৫ লাখ টকাৰ চেকখন প্ৰদান কৰে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী চিৰাজ উদ্দিন আজমল চাহাবে।