শালবাৰীত বেঁকী নৈৰ খহনীয়াত উছন শতাধিক পৰিয়ালৰ ঘৰ-মাটি

 07/15/2021 - 14:32

 


   
শালবাৰীঃ
বাক্সাৰ শালবাৰীত বেকী নৈৰ ভয়ংকৰ ৰূপ৷ চপৰা চপৰে খহিছে বেকীৰ পাৰ৷ খহনীয়াত উচন কেবাটাও পৰিয়ালৰ ঘৰ-মাটি৷ নিজৰ ঘৰখন এৰি থৈ নিৰাপদ ঠাইত আশ্ৰয় লৈছে নৈপৰীয়া ৰাইজে৷ বছৰ বছৰ ধৰি এলেঙামাৰী, গোৱৰ্ধনা, নাৰায়ণগুৰি, বিশপানী, চূণবাৰী, ছাফাকামাৰ, ৰাঘবিল, ননকে খাগ্ৰাবাৰী আদি অঞ্চলত বেঁকী নৈয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি বহু পৰিয়ালৰ ঘৰমাটি, খেতিপথাৰ আদি উছন কৰি পেলাইছে৷ এইবেলিও বেঁকীৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে সমগ্ৰ অঞ্চলত।

নৈপৰীয়া ৰাইজৰ অভিযোগ চৰকাৰৰ মানুহ আহে কিন্তু চাইহে যায়। নিৰ্বাচনৰ সময়ত চৰকাৰৰ নেতাসকল আহে আৰু খহনীয়া ৰোধ কৰিম বুলি আশা দি যায়৷ কিন্তু নিৰ্বাচন যোৱাৰ পিছত খবৰ লবলৈ কোনোৱে নাহে। নৈপৰীয়া ৰাইজৰ নতুন চৰকাৰলৈ কাতৰ অনুৰোধ চৰকাৰখনে খহনীয়া ৰোধ কৰিলে বহু মানুহে বিপদৰ পৰা মুক্তি পাব।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.