কামৰূপ জিলা কংগ্ৰেছ সমিতিৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী চাইকেল সমদল

 07/15/2021 - 15:12

 

ৰঙিয়াঃ সমগ্ৰ দেশতে মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে সাধাৰণ জনতাক জুৰুলা কৰাৰ সময়তে আজি কামৰূপ জিলা কংগ্ৰেছ সমিতিৰ উদ্যোগত এক প্ৰতীকী চাইকেল সমদল প্ৰতিবাদ কৰা হয়। পেট্ৰল আৰু ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু ৰন্ধন গেছৰ মূল্যই ১ হাজাৰৰ ওচৰ পোৱাৰ প্ৰতিবাদত এই চাইকেল প্ৰতীকী সমদল কৰা হয়। বিজেপি চৰকাৰ হাই হাই, মূল্যবৃদ্ধি ৰোধ কৰক, নৰেন্দ্ৰ মোদী হাই হাই, হিমন্ত বিশ্ব হাই হাই আদি শ্ল’গান দি প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে।

কৰ’ণা মহামাৰীৰ সময়ত মানুহে খাব নাপাই মৰিবলগীয়া অৱস্থা হৈছে আনকি মানুহে নিজৰ বৃক্ক পৰ্যন্ত বিক্ৰী কৰিবলগীয়া পৰিস্থিতি হৈছে, সচাকৈ এক লাজ আৰু দুখৰ বিষয় এইটো, এই বুলি আক্ষেপ কৰে কংগ্ৰেছ দলৰ উপ সভাপতি ৰমেন বৰঠাকুৰে।

ৰঙিয়া ৰাজীৱ ভৱনৰ সন্মুখত কৰা এই প্ৰতিবাদত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি ৰমেন বৰঠাকুৰ, কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ঘনেশ্যম কলিতা, হাজো ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ৰুবুল আলি, ৰঙিয়া গ্ৰাম্য কংগ্ৰেছৰ সভাপতি উদ্ধব দাস লগতে আন বহু কেইগৰাকী কংগ্ৰেছ নেতা আৰু সদস্য।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.