বৰ্ণৰ সাধনাত ব্ৰতী প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠদান

 05/28/2019 - 19:05

গুৱাহাটীঃ একক প্ৰচেষ্টাৰে অব্যাহত ৰখা সাহিত্য সাধনাৰ সাহিত্যিক পেঞ্চনপ্ৰাপ্ত প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য দেৱে আজি শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্র-ছাত্ৰীৰ লগতে নিকেতনৰ আচাৰ্য- আচাৰ্যা সকলক লৈ দুটি কালাংশত পাঠদান কৰে।

অসমীয়া ভাষাক চৰকাৰী কাৰ্যালয়ৰ অনুষ্ঠান প্ৰতিষ্ঠানত প্ৰয়োগৰ ওপৰত যি সময়ত ব্যাপক আন্দোলন গঢ়ি তোলা হৈছে সেই সময়ত অসমীয়া ভাষাৰ সঠিক প্ৰয়োগৰ ওপৰত তেওঁ নীৰৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৭৯ বছৰ বয়সীয়া এইজনা ব্যক্তিয়ে অসমীয়া বৰ্ণৰ উচ্চাৰণৰ ওপৰত সমগ্র অসমতে বিভিন্ন অনুষ্ঠানৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়তো প্ৰশিক্ষণ দি আহিছে।

তেখেত এগৰাকী অভিযন্তা আছিল যদিও অসমীয়া বানান আৰু বৰ্ণমালা শিকন পদ্ধতিত দেখা দিয়া ভুলৰ বাবে ইয়াৰ বিষয়ত অধ্যয়নৰ প্ৰতি আগ্ৰহী হয়। তেখেতৰ এই প্ৰচেষ্টাই অসমীয়া ভাষাটো অধিক শুদ্ধ ৰূপত প্ৰকাশত যি অৰিহনা যোগাইছে অসমীয়া জাতিয়ে সদায় স্মৰণ কৰিব। শংকৰদেৱ শিশু নিকেতনৰ সমূহ ছাত্র-ছাত্ৰী তথা আচাৰ্য-আচাৰ্যাই তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।