নাচোৰবান্দা ৰাহুলঃ কোনো কাৰণত নাথাকে কংগ্ৰেছৰ সভাপতি পদত!

 05/29/2019 - 11:45

ডিজিটেল ডেস্কঃ নাচোৰবান্দা ছোনিয়া পুত্ৰ। কোনো কাৰণতেই আৰু কংগ্ৰেছৰ অধ্যক্ষ পদত নাথাকে ৰাহুল গান্ধী। ৰাহুল গান্ধীক বুজাবলৈ কেইবাবাৰো চেষ্টা কৰিছিল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। আনকি ছোনিয়া গান্ধীয়েও এই সিদ্ধান্ত দ্বিতীয়বাৰ ভাবি চাবলৈ ৰাহুলক অনুৰোধ কৰাৰ স্বত্তেও নিজৰ স্থিতিত অটল থাকিল কংগ্ৰেছ অধ্যক্ষ গৰাকী।

শনিবাৰে অনুষ্ঠিত কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠকত লোকসভা নিৰ্বাচনৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ পত্ৰ দাখিল কৰিছিল ৰাহুল গান্ধীয়ে। কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে এই পদত্যাগ স্বীকাৰ নকৰাৰ পাছত ৰাহুল গান্ধী দলটোৰ সভাপতি হৈ থাকিব বুলি ভবা হৈছিল যদিও, তেনে কোনো সিদ্ধান্ত সলনি কৰা নাই ৰাহুলে।দুই এজন নেতাক বাদ দি ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰা নাই কংগ্ৰেছৰ প্ৰায় সংখ্যক নেতাকেই। সোমবাৰে দলটোৰ জ্যেষ্ঠ নেতা বেণুগোপাল আৰু আহমেদ পেটেলক সাক্ষাতৰ সময়ত ৰাহুল গান্ধীয়ে জনাই দিলে- আপোনালোকে দলৰ পৰৱৰ্তী অধ্যক্ষ কোন হ’ব ঠিক কৰি লওঁক।

লগতে তেওঁ এই কথাও স্পষ্ট কৰি দিলে যে, এই পদৰ বাবে কোনো কাৰণতেই গান্ধী পৰিয়ালৰ নাম উচ্চাৰণ নকৰিব। ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধীৰ নাম এই পদৰ বাবে চৰ্চালৈ নানিবলৈ তেওঁ সতৰ্ক কৰি দিয়ে। ইফালে, এক সূুত্ৰ অনুসৰি, কংগ্ৰেছে চাৰিদিনৰ ভিতৰতে আহ্বান কৰিব আন এখন ৱৰ্কিং কমিটীৰ বৈঠক।

এই বৈঠকতে দলটোৱে পৰৱৰ্তী সভাপতি তথা ইয়াৰ বিকল্প ব্যৱস্থাৰ সন্দৰ্ভত চিন্তা চৰ্চা কৰিব। ক্ষুব্ধ ৰাহুল গান্ধীয়ে আনকি এই মন্তব্যও কৰিছে যে- লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ কালত প্ৰচাৰৰ সলনি বহু নেতাই তেওঁলোকৰ সতী-সন্তানৰ ৰাজনৈতিক ভৱিষ্যতক লৈহে চিন্তিত আছিল।কাৰো নাম নোলোৱাকৈ তেওঁ কয়- এই নিৰ্বাচনত তেনেদৰে নিজৰ পুত্ৰ-কন্যাক প্ৰক্ষেপ কৰা বহু নেতাই পৰাজয় বৰণ কৰিলে। তাৰ ভিতৰত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গোহলেটৰ পুত্ৰ বৈভৱ গোহলেটো আছিল।ৰাহুল গান্ধীৰ সিদ্ধান্ত সলনি হোৱালৈ বাট চাইছে কংগ্ৰেছৰ নেতৃবৃন্দই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।