05/29/2019 - 11:52
in
লামডিংঃ লামডিং ষ্টেচনত হাই এলাৰ্ট জাৰি। যিকোনো মূহুৰ্ততেই সংঘটিত হব পাৰে ভয়ংকৰ কূটাঘাতৰ আশংকা৷
হোজাই জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ নেতৃত্বত বোমা বিশেষজ্ঞ জি আৰ পি আৰু লামডিং আৰক্ষীয়ে যৌথভাৱে চলাইছে তালাচী।
ষ্টেচনকে ধৰি বৰ্তমান লামডিঙৰ সকলো অঞ্চলতেই মোতায়ন কৰিছে আৰক্ষী৷ চোৰাংচোৱা বিভাগৰ গোপন তথ্যৰ মতে লামডিঙত যিকোনো মূহুৰ্তেই উগ্ৰপন্থীয়ে সংঘটিত কৰিব পাৰে কূটাঘাত৷