তিতাবৰত আত্মহননৰ চেষ্টা চলাই তাণ্ডৱ যুৱকৰ!

 05/29/2019 - 12:06

তিতাবৰঃ যোৱা নিশা প্ৰায় ৯ বজাত তিতাবৰৰ ন-আলি গেছ এজেঞ্চিৰ সমীপত হাত ভৰি বন্ধা অৱস্থাত পথৰ দাঁতিৰ এটা খুটাত উদ্ধাৰ হৈছিল এজন যুৱক। যুৱকজনক খুটাত বান্ধি থোৱা কাৰণটো শুনিলে চকু কপালত উঠিব আপোনাৰো।

যুৱকজনে সন্ধিয়াৰে পৰা তিতাবৰৰ ন-আলিস্থিত কেইবাখনো দোকানৰ ভিতৰত সোমাই তাণ্ডৱ সৃষ্টি কৰি চলাইছে আত্মহননৰ চেষ্টা। কেতিয়াবা যদি ৰাজপথত অহা গাড়ী আগত পৰি দিয়ে,কেতিয়াবা আকৌ পথৰ দাঁতিত থকা বিদ্যুৎ পৰিবাহী খুটাত মূৰ মাৰি মূৰ ফালি লয়।

যুৱকজনে কাৰো প্ৰশ্নৰ উত্তৰ নিদিয়ে কেৱল চিঞৰে আৰু চিঞৰে। অৱশেষত স্থানীয় ৰাইজে ব্যক্তিজন নিয়ন্ত্ৰণ কৰিবলৈ এডাল ৰচীৰে মেৰিয়াই পথৰ দাঁতিৰ এটা খুটাত বান্ধি থয় আৰু লগে লগে তিতাবৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত লগে লগে উপস্থিত হয় তিতাবৰ আৰক্ষী। চিকিৎসাৰ বাবে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় যুৱকজনক।

তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত যুৱকজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে চিকিৎসকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। স্থানীয় ৰাইজে যুৱকজন মানসিক বিকাৰগ্ৰস্ত বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও কোনো লোকে আকৌ নিচা জাতীয় দ্ৰব্য সেৱন কৰিছে বুলিও সন্দেহ প্ৰকাশ কৰিছে। যুৱকজন তিতাবৰৰ বিবিজান পুৰণি মাটিচুকৰ পাপু দাস বুলি চিনাক্ত কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।