ধুবুৰী: পৰিশ্ৰমৰ ফল ঈশ্বৰে দিয়ে। কঠোৰ মনোবল আৰু গভীৰ ইচ্ছা শক্তি থাকিলে ঘৰৰ ভিতৰত নহয়, মুক্ত আকাশৰ তলত বহি অধ্যয়ন কৰি সফলতা অৰ্জন কৰা সম্ভৱ। দৰিদ্ৰতা সফলতা অৰ্জনত কেতিয়াও হেঙাৰ বা অন্তৰায় হ'ব নোৱাৰে। সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ টিলাপাৰা সন্তোষপুৰ অঞ্চলৰ দৰিদ্ৰ পৰিয়াল আব্দুল আজিজ তালুকদাৰ আৰু নূৰজাহান বিবিৰ কন্যা আলমিনা বেগমে। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আলমিনাই টিলাপাৰা হাইস্কুলৰ পৰা এটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।
কিন্তু আলমিনাৰ সপোন কেৱল এটা বিষয়ত লেটাৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা নাছিল। আকৰ্ষণীয় ফলাফল লৈ উত্তীৰ্ণ হৈ ভৱিষ্যতে এগৰাকী ডাঙৰ মানুহ হোৱাৰ সপোন আছিল আলমিনাৰ। কিন্তু এক ভয়ঙ্কৰ ধুমুহাই ভাঙি-চূৰ্ণ-বিচূৰ্ণ কৰিছে যেন আলমিনাৰ সপোন। পৰিস্থিতিয়ে আলমিনাক এনে ফলাফল কঢ়িয়াই আনিবলৈ এক প্ৰকাৰৰ বাধ্যহে কৰিছে। এটা সময়ত আলমিনাৰ ধুনীয়া ঘৰ-বাৰী আছিল। লেখা-পঢ়াৰ সুবিধাও আছিল। কিন্তু শেহতীয়াভাৱে আলমিনাক কেতিয়াবা মুক্ত আকাশৰ তলত বহি দুচকুত চকুপানীলৈ হাইস্কুল চূড়ান্ত বৰ্ষৰ অধ্যয়ন কৰিবলগীয়া হৈছিল।
উল্লেখ্য যে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ধুবুৰী জিলাৰ টিলাপাৰা সন্তোষপুৰত এখন সৰ্বভাৰতীয় পৰ্যায়ৰ উচ্চস্তৰীয় আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ উদ্দেশ্যেৰে প্ৰশাসনে সন্তোষপুৰত উচ্ছেদ অভিযান চলাইছিল। আৰু সেই উচ্ছেদ অভিযানত আলমিনাৰ ঘৰ-বাৰী আদি শেষ হৈ গৈছিল। বহু কষ্টৰে অধ্যয়ন কৰি আলমিনাই অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। উল্লেখ্য যে বৰ্তমানে কণ-কণ শিশু, সন্তানক লৈ এক প্ৰকাৰৰ পহুৰ দৰে জীৱন যাপন কৰা উচ্ছেদিত পৰিয়ালসমূহৰ ভিতৰত আলমিনাৰ দুৰ্ভগীয়া পৰিয়ালে নিৰুপায় হৈ আলমিনাৰ এটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ফলাফলত সন্তুষ্ট। এনে পৰিস্থিতিত আলমিনা বেগমলৈ শুভেচ্ছা আৰু আশীৰ্বাদ আগবঢ়াইছে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলবাসীয়ে।