ফেচবুক গোটৰ প্ৰশংসনীয় পদক্ষেপঃ গৃহহীন শিশুৰ বাবে নিৰ্মাণ কৰিব শিশুগৃহ

 05/29/2019 - 12:37

যোৰহাটঃ ৰাইজে নখ জোকাৰিলে নৈ বয়। এই বাক্যশাৰী যেন আখৰে আখৰে প্ৰমাণ কৰি দেখুৱালে 'আজৰি পৰৰ ইতিবাচক চিন্তা’ নামৰ ফেচবুকৰ এটা গোটে। ২০১৭ চনতে বিভিন্ন ইতিবাচক চিন্তাৰে জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে ব্যক্তিৰে গঠিত হোৱা এই ফেচবুকৰ গোটটো যেন এতিয়া হৈ পৰিছে অনুপ্ৰেৰণাৰ স্থলী।

বিভিন্ন সময়ত,বিভিন্ন সমস্যাত আক্ৰান্তসকলক নিঃস্বাৰ্থ ভাৱে সহায় কৰি অহা গোটটোৱে এইবাৰ দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। গাঁঠিৰ ধন ভাঙি ফেচবুকৰ গোটটোৰ সদস্যসকল এইবাৰ আগবাঢ়ি আহিছে গৃহহীন শিশু সকলৰ বাবে শিশুগৃহ নিৰ্মাণ কৰিবলৈ।

যোৰহাটৰ গড়মূৰ দুলিয়া গাঁৱৰ চাহ খেতিয়ক ৰাজেন কলিতা নামৰ ব্যক্তিজনে দান কৰা ২ কঠা মাটিত আজি আধাৰশিলা স্থাপন কৰা হয়।

এই আধাৰশিলা অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বসবাস কৰা গোটটোৰ সদস্য সকল উপস্থিত থাকে। 'আজৰি পৰৰ ইতিবাচক চিন্তা’ নামৰ গোটটোৱে সমাজৰ বাবে আগবঢ়োৱা এনে পদক্ষেপ সচাই প্ৰশংসনীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।