পলাশবাৰী ঃ দক্ষিণ কামৰূপৰ পলাশবাৰী নগৰ আৰক্ষীৰ চকীৰ অন্তৰ্গত পলাশবাৰী পৌৰসভা এলেকাৰ বজাৰসমূহত এতিয়া অলিয়ে গলিয়ে সুলভ হৈ পৰিছে অবৈধ বিলাতী আৰু দেশীয় সুৰাৰ ৰমৰমীয়া বেহা।
আবকাৰী নামৰ বিয়াগোম বিভাগটোৰ একাংশ বিষয়াই সুৰাৰ অবৈধ ব্যৱসায়ীৰ সৈতে কমিচনৰ বুজাবুজিৰে অঘোষিত অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ অভিযোগ উঠি অহাৰ সময়তে পলাশবাৰী নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমকান্ত শৰ্মাৰ নেতৃত্বত এটি দলে অভিযান চলাই এটা গুদাম ঘৰত মজুদ কৰি ৰখা বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষী বিষয়া হেমকান্ত শৰ্মাই অবৈধ সুৰাৰ এই ঘাটিটো উৎখাত কৰি ইয়াৰ লগত জড়িত থকা সুৰা মাফিয়াৰ বিৰুদ্ধে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে। আৱকাৰী বিভাগৰ বিপৰীতে আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাবলগীয়া হোৱাত বিষয়টো সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীয়ে আৱকাৰী বিভাগে অভিযান চলালে কোনো ধৰণৰ তেওঁলোকক অৱগত নকৰে বুলিও মন্তব্য কৰে। সেয়েহে উপায়বিহীন হৈ এইদৰে অবৈধ সুৰা বিৰোধী অভিযান চলোৱা বুলি জানিবলৈ দিয়ে৷