ৰঙিয়া ততাৰকুছিত পৰিতক্ত গৃহত চিপ লৈ ওলমি থকা অৱস্থাত কিশোৰৰ মৃতদেহ উদ্ধাৰঃ দেহৰ বিভিন্ন ঠাইত আঘাটৰ চিন

 07/22/2021 - 15:52

 


ৰঙিয়াঃ ৰঙিয়া ততাৰকুছিত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। গাঁওখনৰ চহিদুল আলী নামৰ কিশোৰ এজনক ক্ষত-বিক্ষত অৱস্থাত ডিঙিত চিপলৈ থকা অৱস্থাত জংঘলৰে আৱৰি থকা এটা পৰিতক্ত গৃহত উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলটোতে উত্তেজনাই বিৰাজ কৰিছে।

মৃত কিশোৰ গৰাকীৰ ডিঙিত আঘাটৰ চিন থকাৰ লগতে ভৰি এখন সম্পূৰ্ণ ৰূপে ভাঙি পেলোৱাৰ উপৰিও মৃত্যুৰ পুৰ্বে দুয়োটা চকু সম্পূৰ্ণ ৰূপে নষ্ট কৰি পেলোৱা বুলি ধাৰণা কৰা হৈছে। ঘটনা সন্ধৰ্ভত পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে ঈদৰ দুদিন পূৰ্বে উক্ত গাঁওখনৰে মফিজ আলীৰ ঘৰৰ পৰা কিশোৰ গৰাকীয়ে এটা 200 টকীয়া 'চাউণ্ড বক্স" চুৰি কৰি অনা বুলি অভিযোগ আনিছিল।

অভিযোগ সন্দৰ্ভত কিশোৰ গৰাকীৰ পৰিয়ালক অৱগত কৰিছিল মফিজ আলীৰ পৰিয়ালে। এই সন্দৰ্ভত কিশোৰ গৰাকীৰ পৰিয়ালে চাণ্ড বক্সটোৰ মূল্য দিম বুলিও জনাইছিল। ইয়াৰ এদিন পিচতে ষষ্টমান শ্ৰেণীত অধ্যয়ন কৰি থকা চহিদুল নামৰ কিশোৰ গৰাকী হঠাৎ নোহোৱাহৈ পৰে। মঙলবাৰৰ পৰা কিশোৰ গৰাকী এনেদৰে নোহোৱা হৈ পৰাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰি হতাশ হৈ পৰে।

কিন্তু হঠাৎ আজি উক্ত গাঁৱৰে এটা পৰিতক্ত গৃহত এনেদৰে উদ্ধাৰ হয় কিশোৰ গৰাকী। মৃত কিশোৰ গৰাকীৰ পৰিয়ালৰ লোকে ঘটনাটো পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে। উক্ত হত্যাকাণ্ডৰ লগত ততাৰকুছি গাঁৱৰে মফিজ আলী আৰু বাবুল আলী নামৰ একেটা পৰিয়ালৰ দুয়োজন ব্যক্তি জৰিত থকা বুলি দাবী কৰিছে মৃত কিশোৰ গৰাকীৰ পৰিয়ালে। ইফালে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী অৱগত হোৱাত আৰক্ষীৰ দল এটাৰ লগতে দণ্ডাধিশ উপস্থিত হৈ মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.