জামুগুৰিহাটৰ আমবাৰীত কৃষি কেন্দ্ৰৰ লগতে পশু চিকিৎসালয়ৰ কদৰ্য্য ৰূপঃ অস্তিত্বহীন হৈ পৰিছে কাৰ্যালয়টো

 07/23/2021 - 14:36

 

 

 জামুগুৰিহাটঃ জামুগুৰিহাটৰ আমবাৰীৰ পশু চিকিৎসালয় ও কৃষি কেন্দ্ৰ দুটা দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকাৰ বাবেই বৰ্তমান সময়ত ভূত বাংলাত পৰিণত হৈছে৷ ৭০ ৰ দশকতে  বৃহত্তৰ জামুগুৰিহাটৰ কৃষক ৰাইজৰ স্বাৰ্থত আমবাৰীত স্থাপন কৰা এই কৃষি কেন্দ্ৰৰ লগতে পশু চিকিৎসালয় বৰ্তমান অস্তিত্বহীন হৈ পৰি জহি খহি গৈছিল৷

এসময়ত অঞ্চলটোৰ অন্যতম পশু চিকিৎসালয় আৰু কৃষি কেন্দ্ৰ হিচাপে পৰিচিত এই দুটা কেন্দ্ৰটিৰ পৰা শ শ কৃষক ৰাইজ উপকৃত হোৱাৰ লগতে এই কেন্দ্ৰটিক সৰোগত কৰি বহু কৃষকে উন্নত প্ৰজাতিৰ গো পালনেৰে উপকৃত হৈছিল৷ পশু চিকিৎসকৰ লগতে ভালে কেইগৰাকী বিষয়া-কৰ্মচাৰীয়ে কাৰ্য্যনিৰ্বাহ কৰি থকা কেন্দ্ৰটি সম্প্ৰতি প্ৰায় ২০ বছৰ ধৰি অব্যৱহৃত হৈ আছে৷

পশু চিকিৎসা বিভাগৰ বিষয়া কৰ্মচাৰী নথকাৰ লগতে কৃষি কেন্দ্ৰটিৰ সকলো মূল্যৱান তথা ব্যৱহৃত সামগ্ৰী ধ্বংসস্তুূপত পৰিণত হোৱাৰ লগতে জহি খহি গৈছে আৱাসগৃহসমূহ৷ এসময়ৰ কৃষি কেন্দ্ৰৰ লগতে পশু বিভাগৰ চহকী এই দুটা চৰকাৰী কাৰ্যালয়টি পুনৰ কাৰ্যক্ষম কৰি তোলাৰ দাৱী জনাইছে গোপালকৰ লগতে বিভিন্নজনে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।