অসমৰ জনপ্ৰিয় বাঁহীবাদক দুৰ্গেশ্বৰ বৰালৈ জুবিন গাৰ্গৰ সাহায্য

 05/29/2019 - 15:04

আমগুৰিঃ অসমৰ জনপ্ৰিয় বাঁহীবাদক দুৰ্গেশ্বৰ বৰালৈ জুবিন গাৰ্গৰ সাহায্য। দুৰ্ঘটনাগ্ৰস্ত হৈ শয্যাশায়ী হৈ থকা আমগুৰিৰ শিল্পীজনলৈ জুবিন গাৰ্গে আগবঢ়ালে ৩০ হাজাৰ টকাৰ চেক। জুবিন গাৰ্গ এজন মানৱদৰদী মানুহৰ শিল্পী। এই কথাকে প্ৰতিপন্ন কৰি শয্যাগত দুৰ্গেশ্বৰ বৰাক ত্ৰিশ হাজাৰ টকাৰ চেক প্ৰদান কৰি শিল্পীজনাৰ চিকিৎসাৰ সামান্য খৰচ বহন কৰিলে।

উল্লেখ্য যে ২০১৪ চনত জুবিন গাৰ্গৰ 'নাহৰ’ কেছেটৰ গীতত বাঁহীৰ সুৰ দিয়া দুৰ্গেশ্বৰ বৰাই দ্বীপেন বৰুৱা,পুলক বেনাৰ্জী,দিলীপ শৰ্মা,সুদক্ষিনা শৰ্মা,জয়ন্ত নাথৰ লগতে অসমৰ জনপ্ৰিয় গায়কৰ গীতত বাঁহীবাদকৰ কাম কৰিছিল। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰো স্বীকৃতিপ্ৰাপ্ত বাঁহীবাদক দুৰ্গেশ্বৰ বৰাই 'বসন্তৰ জাননী’ কেছেটত প্ৰথম বাঁহী বজাইছিল।

পৰৱৰ্তী সময়ত 'জীৱন নদীৰ দুটি পাৰ’ চিনেমাত বাঁহী বজোৱাৰ লগতে জয়মতী, কমলাকুঁৱৰী আদিতো বাঁহী বজাইছিল। আৰ্থিকভাৱে পিছপৰা এইজন শিল্পী দুৰ্গেশ্বৰ বৰা দুৰ্ঘটনাগ্ৰস্ত হৈ সোঁভৰিটো ভাঙি যোৱাত শয্যাশায়ী হৈ আছে। চিকিৎসাৰ বাবে প্ৰয়োজন বহু টকাৰ। শিল্পীজনক সহায় কৰিব বিচাৰিলে ৬০০০৯০৬৩৩৫ নম্বৰত যোগাযোগ কৰিব পাৰে অথবা ৩০৪১৬৩১৫৩৯৩ এচবিআই একাউন্টত সহায় কৰিব পাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।