কাইলৈৰপৰা আৰম্ভ হ’ব বিশ্বকাপ ২০১৯

 05/29/2019 - 15:09

ডিজিটেল ডেস্কঃ অহা ৩০ মে'ৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ বিশ্বকাপ ২০১৯। ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ। এই বিশ্বকাপত অংশ ল’ব ১০ খন দেশে। অহা ৫ জুনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব ভাৰত। ৪৫ দিনৰ এই বিশ্বকাপত মুঠ ৪৮ খন খেল অনুষ্ঠিত হ’ব। এইবাৰৰ বিশ্বকাপ খেলা প্ৰত্যেকটো দলেই লাভ কৰিব পুৰস্কাৰ।

কিন্তু বিজয়ী দলক দিবলগীয়া ধনৰাশি হৈছে বৰ্তমানলৈকে দিবলগীয়া সবাতোকৈ বেছি ধনৰাশি। এইবাৰৰ চেম্পিয়ন টীমক পুৰস্কাৰ হিচাপে বিশ্বকাপ ট্ৰফীৰ লগতে প্ৰদান কৰিব ৪০ লাখ ডলাৰ অৰ্থাৎ প্ৰায় ২৮.০৬ কোটি টকা। ইয়াৰ লগতে ৰাণাৰ্ছ আপ দলক প্ৰদান কৰা হ’ব ২০ লাখ ডলাৰ।

প্ৰতিটো লীগত বিজয়ী দলক ৪০ হাজাৰ ইউএছ ডলাৰৰ লগতে চেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰতিটো দলক ৮ লাখ আমেৰিকান ডলাৰেৰে পুৰষ্কৃত কৰা হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।