ফুলৰ উপত্যকাত সন্ধানহীন হোৱা পৰ্যটকক উদ্ধাৰ

 03/11/2019 - 15:17

ডিজিটেল সংবাদঃ নাগালেণ্ডৰ জুক' ভেলীৰ অপৰূপ সৌন্দৰ্যই সকলোকে হাত বাউলি দি মাতে। প্ৰকৃতিয়ে অকৃপণ হাতেৰে সজাই-পৰাই তোলা জুক' ভেলীক দৰ্শন কৰিবলৈ বছৰৰ বিভিন্ন সময়ত ভিৰ কৰেহি দেশী-বিদেশী পৰ্যটকে।

প্ৰকৃতিৰ মনোৰম ফুলৰ উপত্যকা জুক' ভেলীৰ প্ৰেমত বন্দী হবলৈ অহা ইজৰাইলৰ ৪ গৰাকী পৰ্যটক সন্ধানহীন হৈ পৰে। সন্ধানহীন পৰ্যটকসকলক দক্ষিণ আংগামী য়ুথ এছ’চিয়েচন আৰু কহিমা জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জুক' ভেলিত বাট হেৰুওৱা ইজৰাইলৰ ৪গৰাকী ট্ৰেকিং পৰ্যটকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, ইজৰাইলী পৰ্যটক কেইগৰাকী ব্যক্তিগতভাৱে জুক' উপত্যকাত ট্ৰেকিং কৰি সন্ধিয়া বেছ কেম্পলৈ ওভতা সময়তে পথত বাট হেৰুৱাই যোগাযোগহীন হৈ পৰে। ইফালে, পৰ্যটকক কেইগৰাকী সন্ধানহীন হোৱাৰ পিছৰ দিনা ৰাতিপুৱা ১০ বজাত জাখামা বেছ কেম্পৰ সৈতে যোগাযোগ স্থাপন হোৱাত তেওঁলোকক কোনো আঘাত নোপোৱাকৈ স্থানীয় য়ুথ এছ’চিয়েচনৰ সদস্যসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।