05/29/2019 - 16:23
in
টীয়কঃ টীয়ক বাম গুৱাল গাঁৱৰ সন্তান তথা গুৱাহাটীৰ এন.ই. এফ. মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° জয়ন্ত পাঠকলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে সাহিত্য(অসমীয়া)শিতানত ২০১৮-২০১৯ বৰ্ষৰ জুনিয়ৰ ফেল'শ্বিপ আগবঢ়াইছে। দুবছৰৰ বাবে লাভ কৰা এই ফেল'শ্বিপৰ আধাৰত পাঠকে 'শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোক-সংস্কৃতিঃ এটি বিশ্লেষণাত্মক অধ্যয়ন’ শীৰ্ষক বিষয়ত গৱেষণা কৰিব।
উল্লেখযোগ্য যে সংস্কৃতিৰ বিভিন্ন শিতানত ভাৰতৰ ২০০ জন বিশেষ ব্যক্তিলৈ আগবঢ়োৱা জুনিয়ৰ ফেল'শ্বিপৰ অসমীয়া সাহিত্য শিতানত একমাত্ৰ জয়ন্ত পাঠকেহে ২০১৮-২০১৯ বৰ্ষত এই ফেল'শ্বিপ লাভ কৰিছে। টীয়কৰ এই সন্তানৰ সফলতাত টীয়ক প্ৰেছ ক্লাৱ,টীয়ক পৌৰসভা,যোৰহাট জিলা আপকুকে আদি কৰি বহু দল সংগঠন তথা ব্যক্তিয়ে আদৰণি জনাইছে৷