আন্তঃৰাষ্ট্ৰীয় কোকিয়ন কাপৰ বাবে অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সাজু ১১ জন খেলুৱৈ

 05/29/2019 - 17:00

বিশ্বনাথঃ চেম্পিয়নচ মেকাৰ একাডেমী। চিৰ পৰিচিত এই একাডেমীয়ে বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সন্মান বুটলিবলৈ সক্ষম হৈছে। বৰ্তমান পুনৰ ব্যস্ত হৈ পৰিছে এইসকল খেলুৱৈ তথা প্ৰশিক্ষাৰ্থী। কাৰণ আগন্তুক ৪ জুনৰ পৰা ৭ জুনলৈকে দিল্লীৰ টালকটৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় কোকিয়ন কাপ টাইকোৱানড' চেম্পিয়নশ্বিপ।

এই চেম্পিয়নশ্বিপত অসমৰ ইতিমধ্যে ধেমাজি, গোলাঘাট, গুৱাহাটী, জামুগুৰিকে ধৰি বিশ্বনাথৰ মুঠ ১১ জন খেলুৱৈ নিৰ্বাচিত হৈছে। যাৰ বাবে বিগত ডেৰ মাহৰ পৰা হৃদয়ানন্দ দাসৰ তত্বাৱধানত আৰু বিশ্বনাথ জিলা টাইকোৱানড' সন্থাৰ জ্যেষ্ঠ প্ৰশিক্ষক পাৰ্থ প্ৰতীম হাজৰিকা আৰু আন কেইবাজনো প্ৰশিক্ষকে তীব্ৰ গতিত চলাইছে প্ৰশিক্ষণ।

ইয়াৰ পূৰ্বেও আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত চেম্পিয়নচ মেকাৰ একাডেমীয়ে বিভিন্ন শিতানত বিজয় লাভ কৰি সন্মান কঢিয়াই আনিবলৈ সক্ষম হৈ আহিছে। আগন্তুক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাটো সুখ্যাতিৰে জয় লাভ কৰি পুনৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি আশাবাদী ক্ৰীড়াপ্ৰেমীসকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।