কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাই

 07/28/2021 - 14:00
 
নিউজ ডেস্কঃ কৰ্ণাটকৰ ২৩ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বাসৱৰাজ বোমাইয়ে।চলিত সপ্তাহৰ সোমবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল বি এছ য়েডুয়ুৰেপ্পাই। ৰাজ্যখনৰ বিজেপি শিবিৰত দীৰ্ঘদিন ধৰি চলি আছিল বিসম্বাদ। যাৰ পৰিণতিত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল বি এছ য়েডুয়ুৰেপ্পা। শপত গ্ৰহণৰ পূৰ্বে বাসৱৰাজে সাক্ষাত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী বি এছ য়েডুয়ুৰেপ্পাক। বাসৱৰাজ বোমাইয়ে মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব লৈয়েই ৰাজ্যখনৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হ’ব বুলি জনাইছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।