ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত নিৰ্বাচিত বৰপেটাৰ দুজনকৈ খেলুৱৈ

 05/29/2019 - 17:07

বৰপেটা: নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া কাৰাটে এচ'ছিয়েচন অফ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় চাব জুনিয়ৰ আৰু চিনিয়ৰ কাৰাটে প্ৰতিযোগিতাত বৰপেটাৰ দুজন খেলুৱৈ নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ পৰিছে বৰপেটাবাসী ৰাইজ। বৰপেটা জিলা কাৰাটে সন্থাৰ প্ৰশিক্ষক হাচমত আলীৰ শিক্ষাৰ্থী নিসাদ আলী আৰু চাৰহান ৰছুল উক্ত প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হয়।

নিসাদ আলী চিনিয়ৰ ৬৭ কেজি বিভাগত আৰু চাৰহান ৰছুল অনুৰ্ধ ১৩ বছৰ বয়সৰ ৪৫ কেজি বিভাগত প্ৰতিদ্বন্দ্বিতা কৰিব। অহা ১০ জুনৰ পৰা ১৪ জুনলৈ নতুন দিল্লীৰ তালকোতৰা ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। উল্লেখযোগ্য যে নিসাদ আলী নৱম দক্ষিণ আফ্ৰিকা কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপৰ স্বৰ্ণজয়ী খেলুৱৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।