চকচকী গাঁৱৰ ৰক্ষণশীল সমাজৰ আজব কাণ্ডঃ সুদীৰ্ঘ ১২ বছৰে একাষৰীয়াকৈ ৰাখিছে এটা পৰিয়ালক, মছজিদত নামাজ আদায় কৰাতো নিষেধ সুদীৰ্ঘ ১২ বছৰ

 07/31/2021 - 13:09
 
 
 
 
 
 নগৰবেৰাঃ নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী ধুপধৰা তেলিপাৰা চকচকী গাঁৱৰ ৰাইজে সুদীৰ্ঘ ১২ বছৰে একাষৰীয়া কৰি থৈছে গাঁওখনৰ মজমুল হকৰ পৰিয়ালটোক, আনকি গাঁৱৰ মছজিদত নামাজ পঢ়াটোও নিষেধ পৰিয়ালৰ সদস্যৰ। কবৰস্থানৰ মাটি এডোখৰৰ সীমা বিবাদৰ পৰিণতিত ৰাইজৰ এনে বজ্ৰকঠোৰ সিদ্ধান্ত। পৰিয়ালটোৰ কোনো সদস্যই যাব নোৱাৰিব গাঁৱৰ দোকানলৈ , দোকানীয়ে কিবা সামগ্ৰী পৰিয়ালটোৰ ওচৰত বেচিলে হ’ব ৫০০০/- টকাৰ জৰিমনা।
 
পৰিয়ালটোৰ যিকোনো লোকক গাঁৱৰ কোনোবাই মাতিলেও ভৰিব লাগিব ৫০০/- টকাৰ জৰিমনা , ৰাইজে লিখিত প্ৰস্তাৱ লৈছে এই সন্দৰ্ভত। মজমুল হকৰ পৰিয়ালটো সুদীৰ্ঘ এটা যুগ ধৰি সমূলি এলাগী হৈ আছে সমাজৰ পৰা, জুঁইয়ে-পানীয়ে এঘৰীয়া।
 
ইফালে গাঁৱৰ মাজত থাকিও কাৰোৱেই সান্নিধ্য নাপাই হীনমান্যতাত ভুগিছে নজমুল হকৰ উপৰি পৰিয়ালটোৰ প্ৰতিজন, ৰাইজৰ সান্নিধ্য পাবলৈ উদ্বাউল হৈ প্ৰশাসনলৈ জনালে ব্যৱস্থা গ্ৰহণৰ আহ্বান। প্ৰশ্ন হয়, একবিংশ শতিকাতো কিহৰ বাবে একাংশৰ এনে কঠোৰ ৰক্ষণশীল মানসিকতা? আগলৈ নমনীয় হ’বনে গয়াৰ স্থিতি,ব্যৱস্থা ল’বনে সংশ্লিষ্ট প্ৰশাসনে?
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।